গুৱাহাটীত প্ৰায় ৬০ লাখ টকা মূল্যৰ সোণ জব্দ, ৰে’ল আৰক্ষীৰ জালত এটা সৰবৰাহকাৰী



 গুৱাহাটীত সোণৰ বিস্কুট জব্দ। ৰে’ল আৰক্ষীৰ অভিযানত জব্দ হয় ৯৯৬ গ্ৰাম ওজনৰ তিনিখন সোণৰ বিস্কুট। ৰাজধানী এক্সপ্ৰেছযোগে এই সোণখিনি দিল্লীলৈ সৰবৰাহৰ চেষ্টা চলাইছিল। জব্দ হোৱা সোণখিনিৰ মূল্য প্ৰায় ৬০ লাখ টকা হ’ব বুলি অনুমান কৰিছে আৰক্ষীয়ে।


ৰেৱতী ৰমন ছোনী নামৰ লোকজনে এই সোণখিনি সৰবৰাহ কৰিছিল। মৰিয়নীৰ পৰা দিল্লীলৈ ৰাজধানী এক্সপ্ৰেছৰ জৰিয়তে সোণখিনি নিয়াৰ চেষ্টা চলাইছিল লোকজনে। সম্প্ৰতি ৰে’ল আৰক্ষীয়ে জেৰা চলাই আছে ধৃত ৰোৱতী ৰমন ছোনীক।


Post a Comment

Previous Post Next Post