তিনিচুকীয়াত জুবিন গাৰ্গ–নীল আকাশৰ অনুষ্ঠান চাবলৈ আহি নিৰাশ হৈ উভতিল শ শ দৰ্শক


 

তিনিচুকীয়াৰ দহোতীয়া চুক ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী উপভোগ কৰিবলৈ আহি নিৰাশ মনেৰে ঘৰলৈ উভতিল দৰ্শক। জুবিন গাৰ্গ, নীল আকাশৰ লগতে কেকে–মোহনৰ অনুষ্ঠান বাতিল হোৱাক লৈ ক্ষোভ প্ৰকাশ কৰে একাংশ দৰ্শকে। নিৰাশ মনেৰে ঘৰলৈ উভতিবলগীয়া হ’ল অনুষ্ঠান উপভোগৰ আশাৰে ভিৰ কৰা দৰ্শকসকল।


তিনিচুকীয়াৰ দহোতীয়া চুক ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে ব্যাপক আয়োজন চলিছিল। বৃহস্পতিবাৰে নিশা সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ আছিল জুবিন গাৰ্গ আৰু নীল আকাশ। বহু লোকে ভিৰ কৰিছিল অনুষ্ঠান উপভোগ কৰিবলৈ। কিন্তু কমিটীয়ে অনুষ্ঠান বাতিল হোৱা বুলি ঘোষণা কৰা বুলি জনায় একাংশ দৰ্শকে।

দহোতীয়া চুক ৰঙালী বিহুৰ সোণালী জয়ন্তীৰ শেষনিশা কাৰ্যসূচী বাতিল হোৱা খবৰ বিহু সমিতিৰ তৰফৰ পৰা উপস্থিত ৰাইজক জনোৱাৰ পিছতে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰিলে একাংশ লোকে। কি কাৰণত অনুষ্ঠান বাতিল হ’ল সেই কথা ৰাইজক নজনালে বুলিও অভিযোগ কৰে একাংশ দৰ্শকে।

Post a Comment

Previous Post Next Post