কিয় গ্ৰেপ্তাৰ হ’ল শৃংখল চলিহা ? জিলা দণ্ডাধীশে সদৰি কৰিলে গ্ৰেপ্তাৰৰ কাৰণ


 

বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়। শিৱসাগৰ জিলা দণ্ডাধীশে শৃংখলক গ্ৰেপ্তাৰ কৰাৰ কাৰণক লৈ উত্থাপন হোৱা প্ৰশ্নৰ উত্তৰ সদৰি কৰিছে।


বুধবাৰে  শৃংখল চলিহাক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত কৰা গ্ৰেপ্তাৰক লৈ অৱশেষত মুখ খুলিলে জিলা দণ্ডাধীশ আদিত্য বিক্ৰম যাদৱে। শৃংখল চলিহাৰ পৰিয়ালৰ তৰফৰ পৰা অধিবক্তাৰ জৰিয়তে শৃংখল চলিহাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত তথ্য বিচৰাৰ লগতে শৃংখল চলিহাক সাক্ষাৎ কৰাৰ অনুমতি বিচাৰি জিলা দণ্ডাধীশৰ আগত আৱেদন জনাইছিল। কিন্তু জিলা দণ্ডাধীশৰ তৰফৰ পৰা শৃংখল চলিহাক সাক্ষাৎ কৰাৰ আৱেদন নাকচ কৰি চলিহাক গ্ৰেপ্তাৰৰ প্ৰসংগত যাৱতীয় তথ্য যোগান ধৰে। চলিহাক গ্ৰেপ্তাৰৰ বাবে প্ৰদান কৰা হুকুমনামা শিৱসাগৰ জিলা কাৰাগাৰৰ অধীক্ষকৰ দ্বাৰা পৰিয়ালৰ অধিবক্তাক যোগান ধৰি শৃংখল চলিহাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত ২৪ ঘণ্টাৰ অন্তত প্ৰশাসনৰ তৰফৰ পৰা এক নিশ্চিত তথ্য প্ৰদান কৰে।

জিলা দণ্ডাধীশৰ আদেশ নং SVMJ/NSA/16/2023/10(A)ৰ দ্বাৰা শৃংখল চলিহাক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ ধাৰা ৩(২)ৰ অধীনত তিনি মাহৰ বাবে গ্ৰেপ্তাৰ কৰাৰ কথা সদৰী কৰে। উক্ত হুকুমনামাত জিলা দণ্ডাধীশ আদিত্য বিক্ৰম যাদৱে শৃংখল চলিহাৰ বিভিন্ন কাৰ্যকলাপ পৰ্যৱেক্ষণ কৰি তেওঁক সমাজৰ জাতি-সম্প্ৰদায়ৰ মাজত বিভেদৰ বীজ সিঁচাৰ লগতে সমাজত এক অশান্তিকৰ বাতাৱৰণ সৃষ্টি কৰাৰ বাবে ৰাইজৰ সুৰক্ষাৰ প্ৰতি ভাবুকি বুলি গণ্য কৰি ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ কথা সদৰী কৰে।

শৃংখল চলিহাই শিৱসাগৰৰ একাংশ বিশেষ সম্প্ৰদায় আৰু ভাষা-ভাষি লোকৰ মাজত বিহুকে ধৰি বিভিন্ন উপলক্ষত ভয়-ভাবুকিৰে ধন সংগ্ৰহ কৰি  সেই সকলৰ সুৰক্ষা বিঘ্নিত কৰাৰ লগতে বিভিন্ন সময়ত সেই সকল ব্যৱসায়ী সম্প্ৰদায়ক ঘৰ-বাৰি এৰি গুচি যোৱাৰ হুমকি প্ৰদান কৰি আহিছে বুলি অভিযোগ উত্তাপন হৈছে। ইয়াৰ লগতে চলিহাই বিভিন্ন সময়ত বন্ধ ঘোষণা কৰি স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰাৰ লগতে পথ পৰিবহণ আৰু ৰে’ল পৰিবহণ বন্ধ কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি হোৱাৰ পৰিস্থিতি সৃষ্টি কৰাৰ লগতে পুনৰ এনে কৰাৰ পৰিকল্পনা কৰা বুলি জানিব পৰাৰ বাবে চলিহাক বন্দী কৰি ৰখাৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলি হুকুমনামাত উল্লেখ কৰে।

ইয়াৰোপৰি, একাংশ বিশেষ ব্যৱসায়িক গোষ্ঠীক দাবী-ধমকি-মাৰপিট কৰি সাম্প্ৰদায়িক ঘৃণা, ধৰ্মীয় বিভেদ, ভাষিক অসহিষ্ণুতা  বিয়পোৱা শৃংখল চলিহাই একাংশ সহযোগীৰ সৈতে মিলি ৰাজ্যৰ  বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি অস্ত্ৰ সংগ্ৰহৰ অভিযোগ থকা বুলিও জিলা দণ্ডাধীশে হুকুমনামাত উল্লেখ কৰে। এনেবোৰ বিষয় পৰ্যালোচনা কৰি শৃংখলৰ শেষতীয়া বক্তব্য আৰু কামৰ প্ৰতি নজৰ ৰাখি শৃংখল চলিহাক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি তিনি মাহৰ বাবে শিৱসাগৰ জিলা কাৰাগাৰত ৰখা হ'ব বুলি উল্লেখ কৰে। এই গ্ৰেপ্তাৰ সন্দৰ্ভত অসম চৰকাৰক অৱগত কৰাৰ লগতে চৰকাৰৰ অতিৰিক্ত নিৰ্দেশ সংলগ্ন কৰা হ'ব বুলিও হুকুমনামাত কোৱা হয়।

আনহাতে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ নিয়মাৱলী অনুসৰি ইতিমধ্যে এখন পৰামৰ্শদাতা সমিতি গঠন কৰি ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত শৃংখল চলিহাৰ গোচৰ উক্ত বৰ্ডৰ তত্ত্বাৱধানত থাকিব বুলি জিলা দণ্ডাধীশে সদৰী কৰে। চলিহাই যদি এই গ্ৰেপ্তাৰ  হুকুমৰ বিৰুদ্ধে কোনো আপিল কৰিব বিচাৰে তেন্তে এই পৰামৰ্শদাতা সমিতক অথবা অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ মুখ্য সচিৱৰ আগত আপিল কৰিব পাৰিব বুলিও তেওঁ উল্লেখ কৰে।

Post a Comment

Previous Post Next Post