সাংসদ পুঁজিৰ অপব্যৱহাৰত সাংসদ জড়িত নাথাকে। এয়া আমাক মুখ বন্ধ কৰাৰ অপচেষ্টা, মই কেৰেপ নকৰো। সাংসদ পুঁজিৰ ধন অপব্যৱহাৰৰ অভিযোগক লৈ এই মন্তব্য সাংসদ অজিত কুমাৰ ভূঞাৰ।
সাংসদগৰাকীয়ে কয়, ‘‘মই এতিয়ালৈকে চমন পোৱা নাই, পালে যাম। ভাৰতবৰ্ষত এতিয়া লেতেৰা ৰাজনীতি চলিছে। ১৯৯২ চনৰ পৰাই এনে বহু ভাবুকি পাই আহিছো, টাডা গোচৰত গ্ৰেপ্তাৰো হৈছো, এইবোৰ ভয় নাখাওঁ।’’
অজিত ভূঞাই কয়, মুখ্যমন্ত্ৰীৰ সৎ সাহস আছে যদি উপায়ুক্তগৰাকীক জেৰা কৰক। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি সুৰক্ষিত নহয়, সেয়ে পদত্যাগৰ জোৱাৰ উঠিছে কাৰ্বি পাহাৰত। অচিৰেই বহু পুৰণি বিজেপিয়ে গেৰুৱা দল ত্যাগ কৰিব বুলিও কয় সাংসদগৰাকীয়ে।
