আজিও ন্যায়ালয়ৰ পৰা সকাহ নাপালে শ্ৰীনিৱাস বিভিয়ে, ৪ মে’ত পুনৰ শুনানিৰ দিন


 

আজিও ন্যায়ালয়ৰ পৰা সকাহ নাপালে শ্ৰীনিৱাস বিভিয়ে৷ আজি জামিন আবেদনৰ শুনানিৰ দিন আছিল শ্ৰীনিৱাসৰ৷ ৪ মে’ত পুনৰ শুনানিৰ দিন ধাৰ্য কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷


পূৰ্বে অংকিতাৰ এজাহাৰ খাৰিজৰ বাবেও আবেদন জনাইছিল শ্ৰীনিৱাসে৷ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে দুয়োখন আবেদনৰ শুনানি গ্ৰহণ কৰে৷ শুনানিৰ সময়ত শ্ৰীনিৱাসৰ অধিবক্তাই এখন অতিৰিক্ত আবেদন দাখিল কৰে৷

অংকিতা দত্তৰ অধিবক্তাই এই সন্দৰ্ভত শপতনামা দাখিলৰ বাবে দুদিনৰ সময় বিচাৰে৷ ইয়াৰ ভিত্তিতে গুৱাহাটী উচ্চ ন্যায়ালয়ে পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে ৪ মে’৷

Post a Comment

Previous Post Next Post