ডুমডুমাৰ চাউমিন ফেক্টৰীত অগ্নিদগ্ধ হোৱা কণমানিজনীৰ লগতে আন এগৰাকী যুৱতীৰ মৃত্যু

 


ডুমডুমাৰ তালাপ বালিবজাৰত সংঘটিত অগ্নিকাণ্ডত অগ্নিদগ্ধ হোৱা দুগৰাকীৰ মৃত্যু। তালাপ বালিবজাৰ টাউন ফিল্ডৰ সমীপত থকা চাউমিন প্ৰস্তুত কৰা এটা ক্ষুদ্ৰ ফেক্টৰীত সোমবাৰে সংঘটিত হৈছিল অগ্নিকাণ্ড।


এই অগ্নিকাণ্ডত এগৰাকী কণমানিসহ দুগৰাকী যুৱতী কৰ্মচাৰী অগ্নিদগ্ধ হৈছিল। অগ্নিদগ্ধ কণমানিগৰাকী ফেক্টৰীটোৰ স্বত্বাধিকাৰী মহন চৌধুৰীৰ কন্যা আয়ুষী চৌধুৰী। কণমানি আয়ুষীৰ লগতে আন এগৰাকী যুৱতী কৰ্মচাৰীৰ মৃত্যু হয়।

মৃত্যু হোৱা যুৱতী কৰ্মচাৰীগৰাকী বালিজান লাইনৰ ৰীতা কুমাৰী শ্বাহ বুলি জানিব পৰা গৈছে। ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল আটাইকেইগৰাকী।

উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ ডুমডুমাৰ তালাপ বালিবজাৰ টাউন ফিল্ডৰ সমীপৰ চাউমিন প্ৰস্তুত কৰা এটা ক্ষুদ্ৰ ফেক্টৰীত সংঘটিত হৈছিল অগ্নিকাণ্ড। মহন চৌধুৰী নামৰ ব্যৱসায়ীজনৰ ‘কৃষ্ণা ফুড ফেক্টৰী’ নামৰ চাউমিন প্ৰস্তুত কৰা এটা ক্ষুদ্ৰ ফেক্টৰীত লাগিছিল জুই।এই অগ্নিকাণ্ডত এগৰাকী কণমানিৰ লগতে দুগৰাকী যুৱতী কৰ্মচাৰী অগ্নিদগ্ধ হৈছিল। অগ্নিদগ্ধ তিনিওগৰাকীকেই উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল।

Post a Comment

Previous Post Next Post