৬ মে’ৰ ৰাশিফল, চাওক আপোনাৰ আজিৰ দিনটো কেনে যাব?


 

মেষ : আবেগ নিয়ন্ত্ৰণত থাকিব, বুদ্ধি প্ৰখৰ হ’ব, যিকোনো কামত আত্মবিশ্বাসৰ ফলত সিদ্ধিলাভ হ’ব।


বৃষ : আনৰ উগ্ৰ স্বভাৱৰ সৈতে নিজৰ শান্তিপ্ৰিয় স্বভাৱৰ মিল নহ’ব, দূৰত্ব বজাই ৰাখক।

মিথুন : একেলগে বহু কাম চম্ভালিব লাগিব, আনে সহজতে আপোনাৰ কথাত প্ৰভাৱিত হ’ব।

কৰ্কট : সকলো আড়ম্বৰ এৰি নিজৰ মতে থাকক, তেতিয়াহে আপোনাৰ ব্যক্তিত্ব উন্নতিৰ সহায়ক হ’ব।

সিংহ : অপিৰিমিত কৰ্মোদ্যোগে সহায় কৰিব, নতুন পদক্ষেপৰ ক্ষেত্ৰত তাক কামত লগাব লাগিব।

কন্যা : জীৱনৰ নানা ক্ষেত্ৰত নতুন আৰম্ভণিৰ আহ্বান, উদ্যোগী নহ’লে পিছ পৰি থাকিব।


তুলা : আপুনি আনৰ ক্ষতি নকৰাকৈ নিজৰ ভাল বুজিব পাৰে, গতিকে অলপ স্বাৰ্থপৰ হওক।

বৃশ্চিক : সকলোৱে আপোনাৰ বুদ্ধিমত্তাৰ প্ৰশংসা কৰিব, সেয়ে মন খুলি মতামত দিয়ক।

ধনু : নিজৰ ক্ষমতাক অৱহেলা নকৰিব, লগতে তুচ্ছ বিষয়ত বিবাদত সাঙোৰ নাখাব।

মকৰ : পুৰণি সকলো ধুই–মচি নতুনকৈ আৰম্ভ কৰাৰ সময় আহিছে, তাৰ বাবে পদক্ষেপ লওক।

কুম্ভ : আনে আপোনাক বুজাত ভুল কৰিব পাৰে, সমস্যা ক’ত সেয়া মন খুলি কওক।

মীন : দিনটো আবেগপ্ৰৱণ হ’লেও তাৰ সদ্ব্যৱহাৰে জীৱনত উন্নতি আনিব।

Post a Comment

Previous Post Next Post