অৰুণাচলত ভূমিস্খলনৰ ফলত ৪ জন শ্ৰমিক নিহত


 

অৰুণাচল প্ৰদেশত শুকুৰবাৰে নিশা ভয়ংকৰ ভূমিস্খলন হয়। ৰাজ্যখনৰ উজনি ছিয়াং জিলাৰ ইংকিয়াং- টুটিং ৰোডৰ মচিং গাঁৱত হোৱা এক বৃহৎ ভূমিস্খলনৰ ফলত অসমৰ ৪ জন পথ নিৰ্মাণকৰ্মীৰ মৃত্যু হয়।


জানিব পৰা মতে, ভূমিস্খলন হোৱাৰ সময়ত শ্ৰমিকসকলে পথৰ কাষৰ অস্থায়ী কেম্পত শুই আছিল। অঞ্চলটোত বিগত পাঁচ দিন ধৰি নেৰেনেপেৰা বৰষুণ হৈ আছিল যাৰ বাবে টুটিং অঞ্চলৰ বহিঃজগতৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ আছে। এই পাঁচদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে।


Post a Comment

Previous Post Next Post