এটা সময়ত চাকৰি বিচাৰি হাহাকাৰ কৰিছিল পতি–পত্নীয়ে। চাকৰি নাপাই এখন সৰু কম্পিউটাৰৰ দোকান খুলি বহিছিল নিজ ঘৰতেই। আজি দুয়োৰে মুখত মিচিকিয়া হাঁহি। স্বামী-স্ত্ৰী দুয়োজনে একেলগে পালে চতুৰ্থ বৰ্গৰ চাকৰি।
বছৰ বছৰ ধৰি চৰকাৰী চাকৰিৰ বাবে সাক্ষাৎকাৰ দি আহিছিল। কিন্তু প্ৰতিবাৰেই ব্যৰ্থ হৈছিল। কিন্তু ধৈৰ্যৰ ফল যেন সদায় মিঠা। আৰু তাৰে ফল পালে ডবকাৰ এই দম্পতীয়ে।
বহু কষ্ট আৰু পৰিশ্ৰমেৰে জীৱন অতিবাহিত কৰিছিল ডবকাৰ প্ৰদুণ্য বৰঠাকুৰী নামৰ লোকজনে। ভৱা নাছিল তেওঁৰ জীৱনলৈ আহিব এই সুখৰ খবৰ। চৰকাৰী চাকৰিৰ আশা প্ৰায় এৰি দিছিল। কাৰণ ২২ বছৰ ধৰি সাক্ষাৎকাৰ দি একপ্ৰকাৰ ভাগৰি পৰিছিল তেওঁ। অৱশেষত হাঁহি বিৰিঙিল প্ৰদুণ্য বৰঠাকুৰী আৰু তেওঁৰ পত্নী পাপৰি বৰঠাকুৰিৰ মুখত।স্বামী-স্ত্ৰী দুয়োজনে একেলগে পালে চতুৰ্থ বৰ্গৰ চাকৰি। ডবকাৰ সৰুপথাৰৰ প্ৰদুণ্য বৰঠাকুৰী আৰু পাপৰি শৰ্মা বৰঠাকুৰী আজি আনন্দত আত্মহাৰা। দুদিন আগলৈকে নিৱনুৱা হৈ আছিল দুয়ো। কিন্তু ফলাফল ঘোষণা কৰাৰ পিছতে এতিয়া হাঁহি বিৰিঙিছে পতি–পত্নীৰ মুখত।
