জয়ন্ত হাজৰিকা আছিল সঁচা অৰ্থত প্ৰথমগৰাকী অসমীয়া শিল্পী, যিয়ে ৰক এণ্ড ৰোল, জেজ আৰু ৱেষ্টাৰ্ন ক্লাছিকেলৰ দৰে পশ্চিমীয়া সংগীত শৈলীক পৰম্পৰাগত অসমীয়া সুৰৰ সৈতে মিলাই ফিউজন কৰিছিল আৰু এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল । তেওঁৰ সৃষ্টিসমূহত বিভিন্ন পাশ্চাত্য বাদ্যযন্ত্ৰ প্ৰভাৱ আছিল । অসমৰ গৌৰৱ ৰাণাদাক সদায়েই স্মৰণ কৰে ৰাজ্যবাসীয়ে ।
গায়ক, সুৰকাৰ, সংগীত পৰিচালক, গীতিকাৰ ৰাণাদাৰ জন্মদিন বিভিন্ন প্ৰান্তত বছৰি উদযাপন কৰা হয় । অসমীয়া সংগীত জগতৰ এই গৰাকী ভোটাতৰাৰ জন্ম হৈছিল ১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত । মাত্ৰ ৩৪ বছৰ বয়সত অকালতে মৃত্যুক সাৱটি লোৱা জয়ন্ত হাজৰিকাৰ গীতবোৰে আজিও প্ৰতিজন শ্ৰোতাক মুগ্ধ কৰে।
১৯৭৭ চনৰ ১৫ অক্টোবৰত এই ধৰাৰ মায়া এৰি গুচি যোৱাৰ পিছত এতিয়া তেওঁৰ স্মৃতিকে সাৱটি 'সুৰবাহিনী'ক জীয়াই ৰাখি সাংগীতিক যাত্রা অব্যাহত ৰাখিছে তেওঁৰ সহধর্মিনী মনীষা হাজৰিকা আৰু পুত্ৰ ময়ুখ হাজৰিকাই । এই মহান শিল্পীগৰাকীৰ স্মৃতি জীয়াই ৰাখিবলৈ গুৱাহাটীৰ চান্দমাৰীৰ উৰণীয়া সেতুৰ তলত ২০১৩ চনৰ ১৭ জানুৱাৰীত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকাৰী (GMDA)ৰ দ্বাৰা নিৰ্মাণ কৰা জয়ন্ত হাজৰিকাৰ প্ৰতিমূৰ্তিটো তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উন্মোচন কৰিছিল ।
সেই সময়ৰ জি এম ডি এৰ অধ্যক্ষ আছিল কেপ্তেইন ৰবীন বৰদলৈ । কিন্তু মহানগৰীৰ মাজমজিয়াত শিল্পীজনৰ নামত থকা এই উদ্যানখন চোৱা-চিতা কৰিবলৈ আজৰি নাই চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ । পূৰ্বৰ কেইবছৰমান কোনো এটা এন জি অ'ক উদ্যানখন চোৱা-চিতাৰ বাবে দায়িত্ব দিয়া হৈছিল যদিও পিছত সেই দায়িত্ব পুনৰ নিজৰ হাতত লয় জি এম ডি এই ।
কিন্তু এতিয়া সেই উদ্যান বা শিল্পী জয়ন্ত হাজৰিকাৰ প্ৰতিমূৰ্তিটোৰ যি দূৰ্দশা বা অসন্মান হৈছে দেখিলে আপোনাৰো মন সেমেকি উঠিব ৷ ২০ ছেপ্টেম্বৰ অৰ্থাৎ তেওঁৰ জন্মদিনৰ দিনৰ আগে আগে এদিনৰ বাবে চাফ-চিকুণ কৰা হয় এই উদ্যানখন । তাৰ বাহিৰে কিন্তু এই উদ্যানখনৰ খবৰ ল'বলৈ আহৰি নাই কাৰোৰে । চাওঁক কিদৰে হাবি- জংঘলৰ মাজত পৰি থাকে দৰদী শিল্পী জয়ন্ত হাজৰিকাৰ প্ৰতিমূর্তি ।
অথচ এইজন শিল্পীৰে কালজয়ী গীতে দর্শক- শ্ৰোতাক আজিও নষ্টালজিক কৰি তোলে। মণিৰাম দেৱান, লটি-ঘটি, ফাগুনী, চিকমিক বিজুলী আদি বহু ছবিত গীত গাইছিল জয়ন্ত হাজৰিকাই । তেওঁ সংগীত পৰিচালনা কৰা ছবিসমূহৰ ভিতৰত বনৰীয়া ফুল (১৯৭১), বৃষ্টি (১৯৭৫), নিয়তী (১৯৭৮), ধর্মকাই (১৯৭৭), নতুন আশা (১৯৭৭) আছিল অন্যতম ।
ইয়াৰোপৰি তেওঁ কেইবাখনো ছবিৰ বাবে সংগীত পৰিচালনা কৰিছিল যদিও সেই ছবিকেইখনে মুক্তি লাভ নকৰিলে । জয়ন্ত হাজৰিকাৰ এই প্ৰতিমূৰ্তিৰ বিষয়ে কিঞ্চিৎ ভাবিবলৈও আহৰি নাই চৰকাৰ বা কোনো দল-সংগঠনৰ । জংঘলেৰে ভৰি পৰিছে জয়ন্ত হাজৰিকা উদ্যান । কিন্তু নীৰৱ মহানগৰ প্ৰশাসন ।