এগৰাকী ১৫ বছৰীয়া কিশোৰী ৷ শিলচৰৰ এইগৰাকী কিশোৰী এতিয়া বহুতৰে বাবে চৰ্চাৰ বিষয় ৷ কিয়নো শুকতাৰা সংকল্প নামৰ মাত্ৰ ১৫ বছৰীয়া এই কিশোৰীগৰাকীয়ে এখন কিতাপ লিখি পাঠকৰ মন জয় কৰিবলৈ সক্ষম হৈছে ।
শেহতীয়াকৈ তেওঁৰ গ্ৰন্থ Scribbling of Reporter Rodent কলকাতা আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থমেলাত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় । সেই গ্ৰন্থমেলাত তেওঁৰ প্রথম প্রকাশিত গ্রন্থখন উন্মোচন কৰাৰ পাছতে পাঠকৰ দৃষ্টি আকর্ষণ কৰিছে ৷
আনকি কিছুদিন পূৰ্বে আগৰতলা গ্ৰন্থমেলাত শুকতাৰাৰ এই গ্ৰন্থখন আছিল আটাইতকৈ বেছিকৈ পাঠকে বিচৰা গ্ৰন্থসমূহৰ ভিতৰত অন্যতম । শিলচৰৰ এগৰাকী স্কুলীয়া ছাত্ৰী শুকতাৰা । নৱম শ্ৰেণীৰ ছোৱালীজনীৰ বয়স এতিয়া ১৫ বছৰ ।তিনি-চাৰি বছৰ আগতে ১১ বছৰৰ পৰা ১৪ বছৰ বয়সলৈকে এই ছোৱালীজনীয়ে 'ছাপাখানা'ৰ সহোদৰ - ব্লেক পেপাৰ পাব্লিকেচনে প্ৰকাশ কৰা অপ্ৰকাশিত কবিতা - গল্প - মুক্ত গদ্যৰ সংকলন প্ৰকাশ কৰিছে । Scribbleng of Reporter Rodent গ্ৰন্থখনত তিনিটা কবিতা সন্নিবিষ্ট কৰা হৈছে ।
৮০ পৃষ্ঠাৰ এই গ্ৰন্থখনত অন্যান্য গল্প আৰু গদ্য ৰচনা সন্নিবিষ্ট কৰা হৈছে । গ্ৰন্থখনৰ ভূমিকা লিখিছে শান্তি নিকেতন পাঠভৱনৰ প্ৰাক্তন অধ্যক্ষ তথা শান্তিনিকেতন শিশুতীৰ্থৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য সুপ্ৰিয় ঠাকুৰ আৰু শিলচৰৰ ছেইণ্ট কেপিটেনিঅ’ স্কুলৰ অধ্যক্ষ চিষ্টাৰ অৰ্পিতাই ।
ৰিপ’ৰ্টাৰ ৰ’ডেণ্টৰ স্ক্ৰিবলিং নামৰ কিতাপখনত বিদ্ৰোহৰ কিছু আভাস স্পষ্ট, ভগ্ন হৃদয়ৰ কৰুণ কাহিনী, ছোৱালী হৈ ডাঙৰ হোৱাৰ কাহিনী, লকডাউনৰ দিনৰ দুৰ্দশাকে ধৰি মিথৰ ব্যাখ্যা, সংযোগ আৰু ৰহস্যৰ ব্যাখ্যা আছে ।