১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ অসম আগমন সন্দৰ্ভত সংবাদমেল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ



আজি জনতা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমন সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে।


মুখ্যমন্ত্ৰীয়ে সংবাদমেলত প্ৰকাশ কৰা মতে, ১৪ তাৰিখে এদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী। দিনৰ ১১ বাজি ৩০ মিনিটত গুৱাহাটী বিমানবন্দৰত উপস্থিত হৈ প্ৰথমে IIT গুৱাহাটী আৰু তাৰ পিছত AIIMS পৰিদৰ্শন কৰিব। মুখ্যমন্ত্ৰীয়ে AIIMSৰ কাম ইতিমধ্যে ৮৫ শতাংশ সমাপ্ত হোৱা বুলিও জানিবলৈ দিয়ে। এইমছ নিৰ্মাণৰ বাবদ ১,১২৩ কোটি টকা ব্যয় কৰা হৈছে আৰু প্ৰত্যেক বছৰে ১০০ জন ছাত্ৰ-ছাত্ৰীয়ে চিকিত্‍সা বিজ্ঞান বিষয় অধ্যয়ন কৰিব।

প্ৰধানমন্ত্ৰীয়ে AIIMS উদ্বোধনৰ লগতে নগাঁও, কোকৰাঝাৰ আৰু নলবাৰী মেডিকেল কলেজ মুকলি কৰিব। AIIMSৰ পৰাই প্ৰধানমন্ত্ৰীয়ে শুভ উদ্বোধন কৰিব তিনিওখন মেডিকেল কলেজৰ।AIIMSৰ পৰাই প্ৰধানমন্ত্ৰীয়ে আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰী আয়ুষ্মান অসম আঁচনি অনুসৰি ১ কোটি ১০ লাখ মানুহৰ বাবে কাৰ্ড মুকলি কৰিব। সেইদিনা প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতীকী ৰূপত প্ৰদান কৰিব কাৰ্ড। AIIMSৰ পৰাই IIT গুৱাহাটী আৰু অসম চৰকাৰৰ মাজত হোৱা বুজাবুজিৰ সিদ্ধান্ত মৰ্মে নিমাৰ্ণ কৰিবলগীয়া আৰ্হি নামৰ ইনষ্টিটিউটখনৰ শুভাৰম্ভ কৰা হ'ব।

প্ৰধানমন্ত্ৰীয়ে ১ বাজি ৪৫ মিনিট সময় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সামৰণী অনুষ্ঠানত উপস্থিত থাকিব। তাৰ পিছত কইনাধৰাত জিৰণি ল'ব। ৪ বাজি ৪৫ মিনিটত সৰুসজাইত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী। সৰুসজাইত উপস্থিত হোৱাৰ পিছত ১১ হাজাৰ ১০ গৰাকী বিহুৱা আৰু বিহুৱতীয়ে প্ৰধানমন্ত্ৰীৰ সন্মুখত বিহু প্ৰদৰ্শন কৰিব। ১৫ মিনিট বিহু প্ৰদৰ্শন কৰা হ'ব আৰু ইয়াৰ জৰিয়তে বিশ্ব অভিলেখৰ প্ৰচেষ্টা চলোৱা হ'ব।

সৰুসজাইত প্ৰধানমন্ত্ৰীয়ে লগতে নামৰূপৰ মিথানেল প্ৰকল্পৰ শুভাৰম্ভণি কৰিব। এই প্ৰকল্পত ৫১ শতাংশ অসম চৰকাৰৰ আৰু অইলৰ ৪৯ শতাংশ বিনিয়োগ থাকিব। ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে ১০০ কোটি টকা ব্যয়েৰে ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে লোৱা আঁচনিও শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে। দুয়োটা কাৰ্যসূচীৰ পিছত ব্ৰহ্মপুত্ৰৰ ওপৰত স্থাপন হ'বলগীয়া পলাশবাৰী-শুৱালকুছি সংযোগী উৰণীয়া সেতুৰ কামৰ আধাৰশিলা স্থাপন কৰিব।

Post a Comment

Previous Post Next Post