বোকাখাত কুৰুৱাবাহী তিনিআলিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। গোৱৰ্ধন বিশ্বাস নামৰ লোকজনৰ ব্যৱসায় প্ৰতিষ্ঠানত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে ৷
দুখন অগ্নিনিৰ্বাপক গাড়ীয়ে অগ্নি নিৰ্বাপণৰ চেষ্টা কৰে আৰু অৱশেষত জুই নিৰ্বাপণ কৰে। এই ঘটনাত লক্ষাধিক মূল্যৰ সম্পত্তি জুইত জাহ যায়।