বাঢ়িছে চৰ্মৰ কৰ্কট ৰোগ, গৰমত এইদৰে লওক ছালৰ যত্ন, ভয়ংকৰ বিপদৰ পৰা হাত সাৰিব পাৰিব



 ইতিমধ্যে বতৰ বিজ্ঞানে জাৰি কৰিছে তীব্ৰ উষ্ণপ্ৰবাহৰ সতৰ্কবাণী। এপ্ৰিল মাহৰ পৰা আৰম্ভ হৈছে এই উষ্ণপ্ৰবাহ। অত্যধিক গৰম আৰু প্ৰচণ্ড ৰ’দৰ বাবে ছাল জ্বলি আছে। এই অৱস্থাত বিভিন্ন চৰ্ম ৰোগৰ আশংকা থাকে। আমি প্ৰায়ে ইয়াৰ প্ৰতি গুৰুত্ব নিদিওঁ।


যদিও বহুতো সৰু সৰু চৰ্ম ৰোগৰ সহজে চিকিৎসা কৰিব পাৰি। কিন্তু, বৰ্তমান চকুত পৰা আটাইতকৈ মাৰাত্মক ৰোগটো হ’ল চৰ্মৰ কৰ্কট ৰোগ।

প্ৰখৰ ৰ’দত ছালখন ক’লা হৈ পৰে। শুকান, নিৰ্জীৱ। কিন্তু তাক অৱহেলা কৰিলে ছালৰ গুৰুতৰ ক্ষতি হ’ব পাৰে। সেইবাবেই ছালৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়।

এক সাক্ষাৎকাৰত ছালৰ বিশেষজ্ঞ ডা. এ.কে. ছিদ্দিকিয়ে ছালৰ যত্নৰ ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ টিপছ দিছিল। সেই অনুসৰি ছালখনক গৰম আৰু তীব্ৰ সূৰ্যৰ তাপৰ পৰা ৰক্ষা কৰিব পাৰি—

১. গৰম ৰ’দত ওলাই নাহিলে ভাল। যিসকলে কামৰ বাবে ওলাই যাব লগা হয়, চশমা বা মাস্ক পিন্ধিব। ইয়াৰ কাৰণে সূৰ্য্যৰ ক্ষতিকাৰক অতিবেঙুনীয়া ৰশ্মিয়ে প্ৰত্যক্ষভাৱে ছালত প্ৰভাৱ পেলাব নোৱাৰে।

২. গ্ৰীষ্মকালত মইশ্ব’ৰাইজাৰৰ নিয়মীয়া ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ। বাহিৰলৈ যাওক বা নাযাওক, ছালখন মইশ্ব’ৰাইজ কৰাটো প্ৰয়োজন। গতিকে প্ৰতিদিনে ছালত মইশ্ব’ৰাইজাৰ লগাব লাগে।

৩. দৈনিক ছানস্ক্ৰীণ প্ৰয়োগ কৰিব লাগে। ই কেৱল ছাল ক’লা হোৱাৰ পৰাই সুৰক্ষা দিয়াই নহয়। বৰঞ্চ বাহ্যিক বিপদ আৰু সংক্ৰমণৰ পৰাও ৰক্ষা কৰে।

৪. প্ৰতিদিনে মুখখন ধুব লাগিব। বাহ্যিক প্ৰদূষণৰ দৰে ছালত লাগি থাকিব নোৱাৰিব। একেদৰে গৰমত মুখৰ ছাল গৰম হ’লে মুখখন ধুলে ঠাণ্ডা হ’ব। ভাল চাবোনেৰে মুখখন ধুব লাগে বা দিনটোত দুবাৰৰ পৰা তিনিবাৰকৈ মুখ ধুব লাগে।

৫. কৃত্ৰিম কাপোৰৰ সলনি কপাহী কাপোৰ পিন্ধিব লাগে, যাৰ ফলত ঘাম কম হ’ব আৰু ঘামৰ ফলত হোৱা ভেঁকুৰৰ সংক্ৰমণ ৰোধ হ’ব।

৬. অতি উজ্জ্বল আৰু এলবিনো ধৰণৰ ছাল থকাসকলে ৰ’দৰ সংস্পৰ্শলৈ অহাৰ পৰা বিৰত থাকিব লাগে। কাৰণ এনে ছালত অতিবেঙুনীয়া ৰশ্মিয়ে অতি সোনকালে কৰ্কট ৰোগৰ সৃষ্টি কৰে। যদি ছালৰ ৰং গাঢ় হয় তেন্তে ৰ’দৰ সংস্পৰ্শলৈ অহাৰ ফলত কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা অতি কম।

Post a Comment

Previous Post Next Post