চিন মোকাম নোহোৱা হ'ল যোৰহাটৰ ঐতিহাসিক বিষ্টুৰাম বৰুৱা হলৰ


  

শুনিলে আচৰিত যেন লাগিলেও যোৰহাটৰ ঐতিহ্যমণ্ডিত বিষ্টুৰাম বৰুৱা হলৰ এতিয়া কোনো চিন মোকাম নাই । সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হ'ল চহৰখনৰ বহু ৰাজহুৱা সভা সমিতি , অনুষ্ঠানৰ স্মৃতি বহনকাৰী এই ঐতিহাসিক ভৱনটো । অৱশ্যে এটা ভাল কামৰ লক্ষ্যৰেহে এই ভৱনটো ভাঙি পেলোৱা হৈছে ।


সেই লক্ষ‍্য হ'ল পুনৰ নিৰ্মাণ । ইতিমধ্যে যোৰহাটত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱন , চৰকাৰী বালক বিদ্যালয় যিদৰে পুনৰ নিৰ্মাণ কৰা হৈছে সেইদৰে এই ঐতিহাসিক ভৱনটোও পুনৰ নিৰ্মাণৰ আঁচনি লোৱা হৈছে বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ নেতৃত্ব আৰু তৎপৰতাত ।


উল্লেখযোগ্য যে বিষ্টুৰাম বৰুৱাই 1913 চনতে এই ভৱনটো নিৰ্মাণ কৰিছিল যদিও তেওঁৰ পুত্ৰ শিৱ প্ৰসাদ বৰুৱাইহে পৰৱৰ্তী সময়ত ভৱনটো প্ৰশাসনক দান দিয়ে । শিৱ প্ৰসাদ বৰুৱাই হল ঘৰটোৰ ভিতৰতে এটা পুথিভঁৰাল গঢ়িছিল , যিটো দ্বিতীয় বিশ্বযুদ্ধৰ সময়লৈকে যোৰহাটৰ মূল লাইব্ৰেৰী আছিল ।

মহাযুদ্ধৰ সময়ত ভৱনটোত সেনা থাকিবলৈ লোৱাত লাইব্ৰেৰীটো বন্ধ হৈ পৰে । 19 শতিকাৰ ইংলেণ্ডৰ গাঁও অঞ্চলৰ ঘৰৰ আৰ্হিৰ পৰশ থকা এই ঐতিহাসিক বিষ্টুৰাম বৰুৱা হলৰ স্থাপত্য কলা বৰ চকুত লগা আছিল । যোৰহাটবাসীয়ে আশা কৰিছে এই অভিনৱ স্থাপত্য কলাৰে সোনকালে এই ভৱনটোৰ পুনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ যোৰহাটক সমৃদ্ধ কৰি তুলিব ।

Post a Comment

Previous Post Next Post