IPLৰ ইতিহাসত পূৰ্বে বহুত স্মৰণীয় ইনিংছ দেখা গৈছে। কিন্তু ৯ এপ্ৰিল ২০২৩ (দেওবাৰ)ৰ দিনটো আইপিএলৰ (IPL 2023) ইতিহাসত এক অন্যতম স্মৰণীয় দিন হৈ ৰ’ব। এটা অভাৰত পাঁচটা ছয় কোবাই গুজৰাট টাইটানছৰ বিৰুদ্ধে নিশ্চিত পৰাজয়ৰ মুখৰ পৰা কলকাতা নাইট ৰাইডাৰ্ছক যিদৰে জয়ী কৰালে ৰিংকু সিঙে (Rinku Singh), সেয়া কিমানজনে কৰিব পাৰে? ইয়াৰ পিছতে শ্বাহৰুখ খানে ছচিয়েল মিডিয়াত তেওঁৰ হিট চিনেমা পাঠানৰ পোষ্টাৰত নিজৰ স্থানত লগালে ৰিংকুৰ মুখমণ্ডল।
এই ফটোখন শ্বেয়াৰ কৰি শ্বাহৰুখ খানে কেপচনত লিখিছে, ‘ঝুমে জো ৰিংকু’। আচলতে কেৱল শ্বাহৰুখেই নহয়, তেওঁৰ পুত্ৰ আৰিয়ান, কন্যা ছোহানা আৰু বন্ধ শানায়া কাপুৰপৰ্যন্ত ছচিয়েল মিডিয়াত ৰিংকুৰ বাবে গৌৰৱ বোধ কৰিছে। উত্তৰ প্ৰদেশৰ এই ক্ৰিকেটাৰজনে বিশ্বৰ আটাইতকৈ ডাঙৰ ক্ৰিকেট লীগত সৃষ্টি কৰিলে ইতিহাস। খেলখনত ২১টা বলত ৪৮ ৰান সংগ্ৰহ কৰে ৰিংকু সিঙে।
সকলোৱে ৰিংকুৰ প্ৰশংসা কৰিছে। ৰিংকুৰ কৃতিত্বত মুগ্ধ সকলো। শ্বাহৰুখ গৰ্বিত হোৱাটো স্বাভাৱিক। তিনিদিন পূৰ্বে বিৰাট কোহলীৰ দলক পৰাস্ত কৰাৰ পিছত ড্ৰেছিং ৰুমত শ্বাহৰুখৰ সন্মুখত শপত বাক্য পাঠ কৰিছিল কেকেআৰে। তাত ৰিংকুক সকলোৰে আগত আগুৱাই দিছিল কিং খানে।
আচলতে কেকেআৰৰ সৈতে বহু বছৰ আছে ৰিংকু। বিগত এবছৰ ধৰি ঘৰুৱা ক্ৰিকেটতো তেওঁৰ দুৰ্দান্ত ছন্দ। এইবাৰ সেয়া কেকেআৰৰ জাৰ্ছীত প্ৰমাণ কৰিলে। শ্বাহৰুখ খান আনন্দিত হোৱাৰে কথা। কিন্তু এটা কথা নিশ্চিত। পৰৱৰ্তী বৰ্ষত কেকেআৰত বৃদ্ধি পাব ৰিংকুৰ মাননী।
Tags:
Sports