বাইকেৰে দুই কন্যাক পেইন্টিং শিকাবলৈ লৈ গৈছিল পিতৃয়ে। ৰাস্তাত চলি আছিল আৰক্ষীৰ তালাচী অভিযান। জানিব পৰা মতে, প্ৰখৰ ৰ’দত আৰক্ষীৰ তালাচী অভিযানৰ সময়তে অসুস্থ হৈ পৰে বাইক আৰোহীজন। অসুস্থতাৰ কথা আৰক্ষীক জনাইছিল যদিও কোনো গুৰুত্ব নিদিলে আৰক্ষীয়ে। ঘটনাস্থলীতে মৃত্যু হয় বাইক আৰোহীজনৰ। আৰক্ষীক গাফিলতিৰ অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজে মৃতদেহ লৈ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে। মৃত ব্যক্তিজনৰ নাম বাবুসোনা বাৰুই। ঘটনাটো পশ্চিম বংগৰ হুগলীৰ।
স্থানীয় সূত্ৰ অনুসৰি, লোকজনৰ ঘৰ নালিকুল গুছকড়া অঞ্চলত। পেছাত এজন কাপোৰ ব্যৱসায়ী। প্ৰত্যক্ষদৰ্শীৰ দাবী, আৰক্ষীক বহু সময় ধৰি অসুস্থতাৰ কথা জনাইছিল লোকজনে। কিন্তু হেলমেট নিপিন্ধাৰ বাবে তেওঁক বহু সময় প্ৰখৰ ৰ’দতে অপেক্ষা কৰিবলৈ কৈছিল আৰক্ষীয়ে। তাৰ পিছতে হঠাৎ মূৰ ঘূৰণিৰ ফলত পৰি যায় লোকজন। আৰু তাৰ পিছত ঘটনাস্থলীতে মৃত্যু হয় তেওঁৰ।
মৃত লোকজনৰ এজন আত্মীয়ই কয়, বাবুসোণাই আৰক্ষীক জনাইছিল তেওঁৰ বাইপাছ ছাৰ্জাৰী হোৱাৰ কথা। কিন্তু আৰক্ষী কোনো কথা শুনা নাছিল। আবদ্ধ কৰি ৰাখিছিল তেওঁৰ বাইক। হঠাৎ সংজ্ঞাহীন হৈ পৰি যায় আৰু লগে লগে মৃত্যু হয় বাবুসোণাৰ। এই ঘটনাৰ পিছতে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।