ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজী মতে এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেইবাবে ইংৰাজীত ৰাশিক কোৱা হয় ছান ছাইন।
মেষ : টকাৰ কথা ভাবি নিজৰ স্বাস্থ্যৰ সৈতে আপোচ কৰিলে নহ’ব।
বৃষ : পৰিস্থিতিৰ ওপৰত নিয়ন্ত্ৰণ ৰক্ষাৰ চেষ্টা কামত নাহিব, মগজু ঠাণ্ডা ৰাখক।
মিথুন : আনৰ আৰু নিজৰ আবেগৰ দিশত দৃষ্টি ৰাখি সংযত আচৰণ কৰিব লাগিব।
কৰ্কট : আনে দেখুওৱা পথত কাম নহ’ব। নিজেই নিজৰ পথ মুকলি কৰাৰ চেষ্টা কৰক।
সিংহ : প্ৰমাণ পোৱাৰ পূৰ্বেই কোনো বিষয়ক লৈ নেতিবাচক ভাবিলে সমস্যা বাঢ়িব।
কন্যা : জানি–বুজি মনৰ কথা কওক, অন্যথা বিপদত পৰিব পাৰে।
তুলা : ভাঙি নপৰিব, কাংক্ষিত সাফল্য বেছি দূৰত নাই, সেয়া মনত ৰাখক।
বৃশ্চিক : অতিৰিক্ত আবেগ বা স্পৰ্শকাতৰ সমস্যা বাঢ়িব, সেয়ে নিৰপেক্ষ থাকক।
ধনু : সম্পৰ্কৰ ক্ষেত্ৰত জানি–বুজি পদক্ষেপ লওক, আনৰ অশান্তি বাঢ়িব।
মকৰ : প্ৰতিকুলতা সাময়িক, এয়া মনত ৰাখি ৰসবোধৰ সহায়ত মন ভালে ৰাখিব লাগিব।
কুম্ভ : ভাবি–চিন্তি মন্তব্য কৰিব, নহ’লে সেয়া মন বেয়া হোৱাৰ কাৰণ হৈ উঠিব পাৰে।