নতুন বছৰ আৰম্ভ হ’লে আমি সকলোৱে আনন্দিত হওঁ। সঁচা কথা ক’বলৈ গ’লে সেই উপলক্ষ্য আমাৰ ভাৰতীয় সমাজত দুবাৰকৈ আহে! উদাহৰণস্বৰূপে, ২০২৩ চনৰ ১ জানুৱাৰীত আমি গ্ৰেগ’ৰিয়ান কেলেণ্ডাৰৰ বিশ্বজনীন স্বীকৃতিপ্ৰাপ্ত নতুন বছৰৰ আগমন উদযাপন কৰিলোঁ। এইবাৰ যেতিয়া সূৰ্য্য মেষ ৰাশিত প্ৰৱেশ কৰিব তেতিয়া ১৪ এপ্ৰিল, ২০২৩ত অসমীয়া নৱবৰ্ষ আৰম্ভ হ’ব।
প্ৰবাদ আছে যে মানুহে ভাবে এটা আৰু হয় আন এটা! সূৰ্যৰ মেষ ৰাশিত গমন আৰু পহিলা ব’হাগৰ আগমনে কেইবাটাও ৰাশিৰ বাবে ভাল খবৰ লৈ নাহিব। সেই ৰাশিসমূহ কি আৰু তেওঁলোকৰ ভাগ্যৰ আকাশত কেনে ক’লা মেঘ ঘনীভূত হ’ব পাৰে, সেয়া চাওক।
বৃষ : সূৰ্যৰ মেষ ৰাশিত গোচৰে বৃষ ৰাশিৰ কামত নানা বিঘিনিৰ সৃষ্টি কৰিব। এইবাবে নানা দিশত পানীৰ দৰে পইচা খৰচ হ’ব। কিন্তু পইচা খৰচ কৰিলেও যে আশানুৰূপ ফল পাব তেনে নহয়। ক্ৰমাগতভাৱে ব্যয় বাঢ়ি থকাৰ ফলত পৰিয়াল সংকটত পৰিব পাৰে আৰু তাৰ পৰা উদ্ধাৰৰ বাবে টকা ধাৰ কৰাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।
কন্যা : কৰ্মক্ষেত্ৰত কামৰ চাপ আৰু মানসিক অত্যাচাৰ – দুয়োটা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ভালকৈ বুজি কাম নকৰিলে কৰ্তৃপক্ষৰ ৰোষত পৰিব পাৰে। ব্যৱসায়ীসকল সতৰ্ক হৈ থাকিব লাগিব ৃ এই সময়ত ব্যৱসায়ত লোকচানৰ আশংকা আছে। খৰচ বৃদ্ধি পোৱাৰ বাবে সঞ্চয় কমি যাব। যাতায়াতৰ সময়তো সতৰ্ক নহ’লে দুৰ্ঘটনাৰ মুখামুখি হ’ব পাৰে।
তুলা : কৰ্মক্ষেত্ৰত পৰিৱেশ এই সময়ত অসহনীয় হৈ উঠিব পাৰে। নতুন কোনো কামৰ দায়িত্বই ইমানেই ব্যস্ত কৰি তুলিব যে স্বাস্থ্য আৰু পৰিয়ালৰ ফালে নজৰ দিয়া সম্ভৱ নহ’ব। যাতায়াতৰ সময়ত সতৰ্ক হৈ থাকিব লাগিব, কিয়নো দুৰ্ঘটনা আৰু অৰ্থহানিৰ যোগ আছে। সময় অনুকূল নহয় বুলি আবেগৰ বশৱৰ্তী হৈ কোনো সিদ্ধান্ত একেবাৰে উচিত নহ’ব।
মকৰ : দাম্পত্য আৰু কৰ্মজীৱন নেতিবাচকভাৱে প্ৰভাৱিত হ’ব। স্বামী–স্ত্ৰীৰ মাজত মতান্তৰ ঘটিব। তেওঁলোকৰ কথাত কৰ্ণপাত নকৰিলে ঘৰত দৈনিক অশান্তিৰ পৰিৱেশ সৃষ্টি হ’ব পাৰে। ব্যৱসায়ীসকল ডাঙৰ লোকচনাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। চাকৰিজীৱীসকলৰ টকাৰ সমস্যা হ’ব পাৰে, সেয়ে মাহৰ বাজেট বুজি চলিব লাগিব।