টাটা আইপিএল ২০২৩ৰ চেন্নাই ছুপাৰ কিংছ বনাম ৰাজস্থান ৰয়েলছৰ মেচখনৰ লাইভ ষ্ট্ৰিমিং কৰা জিঅ’চিনেমাই এতিয়ালৈকে সৰ্বাধিক দৰ্শক লাভ কৰিছে।
চি এছ কেৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ৰোমাঞ্চকৰ ফিনিচিঙৰ ফালে খেলখন নি থকাৰ সময়ত জিঅ’চিনেমাই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ২.২ কোটি দৰ্শকৰ সংখ্যা স্পৰ্শ কৰে।
ৰাজস্থান ৰয়েলছে বুধবাৰৰ আই পি এল খেলখনত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে তিনি ৰানত জয়লাভ কৰে, কিন্তু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ এই ছিজনত এতিয়ালৈকে ৰেকৰ্ডসংখ্যক সৰ্বাধিক দৰ্শকৰ সংখ্যা লাভ কৰে খেলৰ দ্বিতীয় ইনিংছটোৱে।জিঅ’চিনেমাৰ এই সংখ্যা ডিজনী+ হটষ্টাৰৰ আইপিএলৰ ষ্ট্ৰীমিং ৰাইট থকাৰ সময়ত যিমান আছিল তাতকৈ বহু বেছি। জিঅ’চিনেমাৰ প্ৰাৰম্ভিক মেচসমূহে ডিজনী+ হটষ্টাৰত পূৰ্বৰ চূড়ান্ত খেলসমূহতকৈ বহু ভাল প্ৰদৰ্শন কৰিছে। এংগেজমেণ্টৰ ক্ষেত্ৰত জিঅ’চিনেমাই প্ৰতিদিনে নতুন নতুন মাপ নিৰ্ধাৰণ কৰি আহিছে। এই ষ্ট্ৰীমিং এপটোত দৈনিক আই পি এলৰ বাবে লাখ লাখ নতুন দৰ্শক সংযোজন হোৱা দেখা গৈছে।
উল্লেখ্য, ডিজনী হটষ্টাৰত ২০১৯ বৰ্ষৰ ছিজনৰ অন্তিমখন মেচত দৰ্শকৰ সংখ্যা আছিল সৰ্বাধিক ১.৮৬ কোটি।
দৰ্শকৰ ক্ষেত্ৰত টাটা আই পি এল ২০২৩ৰ ডিজিটেল ষ্ট্ৰীমিঙৰ অংশীদাৰ জিঅ' চিনেমাই যোৱা সপ্তাহৰ শেষৰ ফালে এক সুন্দৰ আৰম্ভণি কৰিছিল। প্ৰথম সপ্তাহান্তিকত ভিডিঅ’ দৰ্শনৰ সংখ্যাই পূৰ্বৰ সমগ্ৰ ছিজনটোত ভিডিঅ’ দৰ্শনৰ সংখ্যাক অতিক্ৰম কৰিছিল। জিঅ’-চিনেমাত ভিডিঅ’ ৰেকৰ্ডসমূহে ১৪৭ কোটিৰো অধিক দৰ্শন লাভ কৰে। ইয়াৰ উপৰি জিঅ’চিনেমাই ইনষ্টল কৰা যিকোনো এপৰ ক্ষেত্ৰত এতিয়ালৈকে সৰ্বাধিক নম্বৰ পঞ্জীয়ন কৰিছে।
পৃষ্ঠপোষকতা আৰু বিজ্ঞাপনদাতাৰ ক্ষেত্ৰত জিঅ’চিনেমা আই পি এলৰ ক্ষেত্ৰত টিভি ৰাইটছ হ'ল্ডাৰতকৈ বহু আগবাঢ়ি আছে। ষ্ট্ৰীমিং এপটোৱে প্ৰতিযোগিতাখনৰ বাবে ২৩ মুখ্য পৃষ্ঠপোষকক অন্তৰ্ভুক্ত কৰিছে আৰু দেশৰ বেছিভাগ শীৰ্ষ ব্ৰেণ্ডক বিজ্ঞাপনদাতা হিচাপে লৈছে।
Tags:
Sports