আজি দেশজুৰি প্ৰধানমন্ত্ৰী ৰোজগাৰ মেলা অনুষ্ঠিত হৈছে। ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৭১ হাজাৰ নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীক নিযুক্তিপত্ৰ বিতৰণ কৰিব।
উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ অধিক্ষেত্ৰৰ অধীনত গুৱাহাটী, শিলিগুড়ি আৰু ডিমাপুৰত এই মেলা অনুষ্ঠিত হৈছে। মালিগাঁৱৰ ৰং ভৱনতো ৰৌজগাৰ মেলা অনুষ্ঠিত হৈছে।
এই মেলাত ২০০ যুৱক-যুৱতীক কেন্দ্ৰীয় চৰকাৰৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অনুষ্ঠানটোত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাকে প্ৰমুখ্য কৰি গণ্য মান্য ব্যক্তিসকল উপস্থিত আছে।
উল্লেখ্য যে, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ডিমাপুৰৰ ইমলিয়াঞ্জাৰ মেম'ৰিয়েল চেণ্টাৰ তথা ৰাজ্যিক মন্ত্ৰী নিশিথ প্ৰমানিকে শিলিগুড়িৰ কাৰ্যসূচীত নিযুক্তি পত্ৰ প্ৰদান কৰিব।
সৰ্বানন্দ সোণোৱালৰ ভাষণত কয় যে, আগন্তুক ২৫ বছৰত আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ প্ৰধানমন্ত্ৰীৰ সপোন আছে। আজি ৯ বছৰত শক্তিশালী অৰ্থ ব্যৱস্থা গঢ় লৈ উঠিছে। বিশ্বৰ অৰ্থনৈতিক ব্যৱস্থাত এতিয়া ভাৰত পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এনেদৰে বিকাশ হৈ আগন্তুক দিনত অৰ্থনৈতিক দিশত ভাৰতবৰ্ষই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে।
ইয়াৰোপৰি, সৰ্বানন্দ সোণোৱালে নতুনকৈ নিযুক্তি লাভ কৰা সকলো যুৱক যুৱতীক সততা, নিষ্ঠাৰে, কঠোৰ পৰিশ্ৰম কৰাৰ আহ্বান কৰে।
তেওঁ কয় যে, ‘‘আজি ২০৭ গৰাকী যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিছোঁ। কাইলৈৰ প্ৰধানমন্ত্ৰীৰ আগমনে আমাৰ কৃষ্টি সংস্কৃতি আগুৱাই নিয়াত সহায় কৰিব।’’