আজি বিহুৰ বিশ্ব অভিলেখ; অসমে বিহু নৃত্য আৰু ঢোলবাদন এই দুটাতে গঢ়িব গীণিজ ৰেকৰ্ড

 


আজি বিহুৰ বিশ্ব অভিলেখ গঢ়িবলৈ সাজু হৈছে অসম। গুৱাহাটীস্থিত সৰুসজাইত ষ্টেডিয়ামত ১১,১০৪ নাচনী–ঢুলীয়াই বিহু প্ৰদৰ্শন কৰি গীণিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত অসমৰ নাম অন্তৰ্ভুক্ত কৰিব। বৃহস্পতিবাৰে বিয়লি ৫ বাজি ৩০ মিনিটৰ পৰা ৬ বাজি ৩০ মিনিটৰ ভিতৰত এই বিশ্ব অভিলেখ সৃষ্টি হ’ব।


উল্লেখ্য যে, ১৩ এপ্ৰিলৰ দিনা গীণিজ কৰ্তৃপক্ষৰ সন্মুখত হ’ব বিহু নাচ প্ৰদৰ্শন কৰি অসমে দুটাকৈ বিশ্ব অভিলেখ গঢ়িব। ইফালে ১৪ এপ্ৰিল তথা গৰু বিহুৰ দিনা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বিশ্ববাসীলৈ বিহুৰ এক সুন্দৰ প্ৰদৰ্শন কৰা হ’ব। ইয়াৰোপৰি প্ৰধানমন্ত্ৰীৰ উপস্থিতিতে দুটাকৈ বিশ্ব অভিলেখৰ স্বীকৃতিপত্ৰ গ্ৰহণ কৰা হ’ব। এই কথা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনায়।

১৩ এপ্ৰিলত অসমে বিহু নৃত্য আৰু ঢোলবাদন এই দুটাতে বিশ্ব অভিলেখ গঢ়িব। আজিৰ  এই ঐতিহাসিক অনুষ্ঠান ৰাজ্যৰ সাধাৰণ ৰাইজে উপভোগ কৰিব পাৰিব। সৰুসজাইত বিহু নাচ চাবলৈ সকলোকে আহিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

মন কৰিবলগীয়া যে, প্ৰতিগৰাকী বিহুৱা–বিহুৱতীক অসম চৰকাৰে ২৫হাজাৰকৈ টকা দিব। লগতে এই বিশ্ব অভিলেখৰ বাবে বিহুৰ প্ৰশিক্ষণ দিয়া প্ৰশিক্ষকসকল আৰু অতিৰিক্তকৈ ৰখা ৪০০ নাচনীকো ২৫হাজাৰকৈ টকা দিয়া হ’ব।

Post a Comment

Previous Post Next Post