১৪ এপ্ৰিলত ৰাজ্যত বিভিন্ন উন্নয়নমূলক কাৰ্যৰ শুভাৰম্ভণিৰ লগতে আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। টুইটযোগে নিজেই এই কথা জনালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। তেওঁ টুইটটো অসমীয়া ভাষাতে লিখিছিল।
ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে উল্লেখ কৰিছিল যে ১৪ এপ্ৰিলত পলাশবাৰী-শুৱালকুছি দলং, ৰংঘৰ, নামৰূপৰ মিথানেল প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। উত্তৰ পূব সীমান্ত ৰেলৱেই প্ৰায় ৭ হাজাৰ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ কাম সমাপন কৰিছে, সেইসমূহ প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ ভিতৰত আছে ডিগাৰু লামডিং দ্বৈত ৰেলপথ, গৌৰীপুৰ-অভয়াপুৰীলৈ নতুন ৰেল লাইন, নিউ বঙাইগাঁৱৰ পৰা ধুপধৰালৈ দ্বৈত ৰেলপথ, জলপাইগুৰিৰ পৰা গুৱাহাটীলৈ বৈদ্যুতিকৰণ, শিলঘাট টাউনৰ পৰা মৈৰাবাৰীলৈ নতুন ৰেলপথ উদ্বোধন কৰিব। ১৪ এপ্ৰিলটো অসমৰ বাবে এক ঐতিহাসিক দিন হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল।