MrJazsohanisharma

১৪ এপ্ৰিলত দেশৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ উপলক্ষে মহানগৰ যান–বাহন আৰক্ষীৰ পথ নিৰ্দেশনা জাৰি



 কাইলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব। তেওঁৰ আগমনক লৈ শুকুৰবাৰে মহানগৰ যান–বাহন আৰক্ষী কিছুমান বিশেষ পদক্ষেপ হাতত লৈছে। প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণৰ বাবে মহানগৰ যান–বাহন আৰক্ষীয়ে পথ নিৰ্দেশনা জাৰি কৰিছে। লগতে শুকুৰবাৰে অসমৰ TV চেনেলসমূহত বিজ্ঞাপনবিহীন অনুষ্ঠানৰ ব্যৱস্থাৰ বাবে আহ্বান জনাইছে।


১৪ এপ্ৰিলত উজনিৰ পৰা অহা গধুৰ বাহনসমূহক মহানগৰ যান–বাহন আৰক্ষীয়ে কলিয়াবৰ হৈ যাবলৈ নিৰ্দেশ দিছে। নামনিৰ পৰা অহা বাহন বাইহাটা-তেজপুৰ পথেৰে আৰু ধুবুৰীৰ বাহন নৰনাৰায়ণ সেতু হৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে, সৰুসজাইত বিহুৰ বিশ্ব অভিলেখৰ ঐতিহাসিত মুহূৰ্ত প্ৰতক্ষ্য কৰাৰ বাবে যিসকল লোক যাব তেওঁলোকৰ কাৰ পাছ নাথাকিলে ষ্টেডিয়ামলৈ বাহন নানিবলৈ নিৰ্দেশ দিয়া হৈছে। আনহাতে, সাধাৰণ জনতাক গুৱাহাটীৰ ৰাজপথ এৰি চলিবলৈ আৰু তাৰ পৰিৱৰ্তে গুৱাহাটীৰ ভিতৰত GS, MG, AT ৰোড ব্যৱহাৰ কৰিবলৈ মহানগৰ আৰক্ষীয়ে আহ্বান জনাইছে।

ইয়াৰোপৰি, আজি আৰু কাইলৈ ৰাজপথৰ কাষত পাৰ্কিঙত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। গুৱাহাটীৰ ৰাজপথত গধুৰ বাহন চলাচলত মহানগৰ আৰক্ষীয়ে বাধা দিছে।

উল্লেখনীয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ৰাজ্যখনত মুঠ ১৪,০০০ কোটি টকাৰ প্ৰকল্প মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে ১৪ এপ্ৰিলত চাংসাৰি AIIMSৰ লগতে অসমৰ আন তিনিখন চিকিৎসা মহাবিদ্যালয়ও মুকলি কৰিব।

ইয়াৰোপৰি তেওঁ ‘আপকে দ্বাৰ আয়ুষ্মান’ অভিযান আৰম্ভ কৰিব। অন্য কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাটাও প্ৰকল্প যেনে ‘আছাম এডভান্সড হেল্থ কেয়াৰ ইন’ভেশ্যন ইনষ্টিটিউট’,  পলাশবাৰী–শুৱালকুছি সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰাৰ উপৰিও ৰংঘৰ আৰু শিৱসাগৰৰ সৌন্দৰ্যবৰ্ধনৰ আধাৰশিলাও স্থাপন কৰিব।

Post a Comment

Previous Post Next Post