১ লাখ বিজেপি কাৰ্যকৰ্তাই সৰুসজাইলৈ আদৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ...



প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ শুকুৰবাৰে বহু কেইটা কাৰ্যসূচী লৈ উপস্থিত থাকিব গুৱাহাটীত ৷ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিতব্য এক ৰাজহুৱা সভাত ১০,৯০০ কোটি টকাৰ অধিক ব্যয়সাপেক্ষ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা উদ্বোধন আৰু স্থাপন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ ১ লাখ বিজেপি কাৰ্যকৰ্তাই শুকুৰবাৰে বিয়লী প্ৰধানমন্ত্ৰী গৰাকী বশিষ্ঠৰ পৰা আদৰি নিব সৰুসজাই ষ্টেডিয়ামলৈ ৷


প্ৰধানমন্ত্ৰীয়ে সৰুসজাইৰ অনুষ্ঠানৰ পৰা পলাশবাৰী আৰু শুৱালকুচি সংযোগী ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখন অতি প্ৰয়োজনীয় দলঙৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ উপৰিও তেওঁ ডিব্ৰুগড়ৰ নামৰূপত ৫০০ টিপিডি মিথানল প্ৰকল্পও আৰম্ভ কৰিব। তেওঁ এই অনুষ্ঠানৰ পৰাই পাঁচটাকৈ ৰে’লৱে প্ৰকল্প উদ্বোধন কৰাৰ উপৰি অঞ্চলটোৰ বিভিন্ন শাখাৰ দ্বৈতকৰণ আৰু বৈদ্যুতিকৰণ প্ৰকল্পও উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়া ৰে'ল প্ৰকল্পসমূহৰ ভিতৰত আছে ডিগাৰু - লামডিং শাখা; গৌৰীপুৰ - অভয়পুৰী শাখা; নিউ বঙাইগাঁও - ধূপধৰা শাখাৰ দ্বিগুণকৰণ; ৰাণীনগৰ জলপাইগুৰিৰ পৰা গুৱাহাটী শাখাৰ বৈদ্যুতিকৰণ; শেনছোঁৱা - শিলঘাট টাউন আৰু শেনছোঁৱা - মৈৰাবাৰী শাখাৰ বৈদ্যুতিকৰণ।

প্ৰধানমন্ত্ৰীয়ে লগতে শিৱসাগৰৰ ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ প্ৰকল্পটোৰ আধাৰশিলাও স্থাপন কৰিব। এই প্ৰকল্প ৰূপায়নৰ ফলস্বৰূপে শিৱসাগৰৰ লগতে ৰংঘৰত পৰ্যটকৰ বাবে সুবিধা বৃদ্ধি পাব। ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ প্ৰকল্পটোত এক বিশাল জলাশয়ৰ চাৰিওফালে ফাউণ্টেইন-শ্ব' নিৰ্মাণ কৰি উলিওৱা হ’ব আৰু লগতে আহোম ৰাজবংশৰ ইতিহাস প্ৰদৰ্শন, অনবদ্য নৌকাবিহাৰ, স্থানীয় হস্তশিল্পৰ প্ৰচাৰৰ বাবে শিল্পগ্ৰাম, খাদ্য প্ৰেমীসকলৰ বাবে বিভিন্ন লোক-ৰন্ধন প্ৰণালী আদিৰ সুবিধা প্ৰদান কৰা হ'ব। উল্লেখ্য যে শিৱসাগৰস্থিত ৰংঘৰ হৈছে আহোমসকলৰ শিল্পকলা সংস্কৃতি আৰু পৰম্পৰাৰ অন্যতম আকৰ। এই ৰংঘৰ অষ্টাদশ শতিকাত স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে সৰুসজাইতে অসমৰ জাতীয় জীৱনৰ প্ৰতীকস্বৰূপ বিহুক বিশ্বস্তৰীয় ৰূপত প্ৰদৰ্শন কৰাৰ বাবে আয়োজন কৰা এক বৃহৎ বিহু নৃত্য অনুষ্ঠানৰো সাক্ষী হ'ব য'ত ৰাজ্যখনৰ ৩১ খন জিলাৰ শিল্পীসকলে অংশগ্ৰহণ কৰিব ৷

Post a Comment

Previous Post Next Post