নতুন পেন্সন নীতিৰ বিৰুদ্ধে বংশৰত বিশাল গণ অভিৱৰ্তন


 

 "এন পি এছ ব্যৱস্থা যদি ইমানেই ভালে, তেনেহ'লে ৰাজনৈতিক নেতাসকলেও গ্ৰহণ কৰক, তেওঁলোকক উপদেশ দিয়া জ্যেষ্ঠ বিষয়াসকলেও গ্ৰহণ কৰক আৰু যি সকলে ২০০৫ চনত মানি লৈছিল সেই কৰ্মচাৰী নেতাসকলেও গ্ৰহণ কৰক।


অসমৰ শিক্ষক-কৰ্মচাৰী সমাজ আৰু ৰাইজে বুজিব বাকী নাই এই ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি চমুকৈ এনপিএছ ব্যৱস্থা কাৰ বাবে আৰু কিহৰ বাবে প্ৰযোজ্য কৰিছে।" গুৱাহাটীৰ সমীপৰ পূব বংশৰ মহাবিদ্যালয়ত আজি অনুষ্ঠিত বিশাল গণ অভিৱৰ্তনত ভাগ লৈ এইদৰে মন্তব্য কৰে সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই।

এনপিএছ ব্যৱস্থাই কৰ্মচাৰী সমাজক শংকিত কৰাই নহয়, ইতিমধ্যে প্ৰায় ৯ হাজৰ শিক্ষক-বিষয়া-কৰ্মচাৰীৰ অৱসৰী জীৱন দুৰ্বিষহ কৰিছে। ৰাজস্থান, চত্তীশগড়, ঝাৰখণ্ড, পঞ্জাৱ আৰু হিমাচল প্ৰদেশত ৰাজ্য চৰকাৰসমূহে এন পি এছ বাতিল কৰি পুনৰ পুৰণি ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ পিছতো অসম বিধানসভাত বিষয়টি সত্যাসত্য জনাৰ বাবে ২০৩৫ চনলৈ অপেক্ষা কৰাৰ বাবে আহ্বান জনোৱাটোৱে কৰ্মচাৰীসকলৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাৰ ক্ষেত্ৰত প্ৰশ্ন উদয় কৰিছে বুলি তেওঁ কয় ।অহা তিনি মাহত সংস্থাই ৰাজ্যৰ সকলো জিলাতে বিশাল গণ অভিৱৰ্তন আয়োজন কৰি এন পি এছৰ বিৰোধিতা কৰিব ৷ সহস্ৰাধিক শিক্ষক-বিষয়াৰ উপস্থিতত অভিৱৰ্তনৰ আগে আগে পুৱা তেওঁলোকে শিঙিমাৰী উচ্চ মাধ্যমিক খেলপথাৰৰ পৰা এক প্ৰতিবাদী শোভাযাত্ৰা উলিয়াই বিভিন্ন শ্লোগান দি আকাশ-বতাহ কঁপাই তোলে।

Post a Comment

Previous Post Next Post