নলবাৰীৰ হেলচাত অনুষ্ঠিত শ্ৰীশ্ৰী মনসা পূজাত সহস্ৰাধিক ভক্তৰ সমাগম

  


নলবাৰী জিলাৰ হেলচাত ৬ এপ্ৰিলৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে হেলচা মনসা মন্দিৰ প্ৰাঙ্গনত আৰম্ভ হোৱা শ্ৰীশ্ৰী মনসা পূজাৰ আজি ভৰ পূজাৰ দিনা হেজাৰ হেজাৰ ভক্তৰ সমাগম ঘটে ৷ বৃহত্তৰ অঞ্চলটোৰ ডেকা-বুঢ়া সকলোৱে অংশ লোৱা উক্ত মনসা পূজাৰ লগত সংগতি ৰাখি আয়তিৰ নাম, ওজাপালি, নাগাৰা নাম, সাংস্কৃতিক অনুষ্ঠান, দেৱীৰ বন্দনা, বলিদান, সমূহীয়া পূষ্পাঞ্জলি প্ৰদান, সমূহীয়া ভোগ বিতৰণ আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয় ।


দেওবাৰে উক্ত পূজাত মনৰ কামনা পূৰণাৰ্থে ভক্তই আগবঢ়োৱা পঠা ছাগলী,পাৰ, হাঁহ, কোমোৰা আদি বলি-উচৰ্গা কৰা হয় । সোমবাৰে সামৰণি পৰিব এই পুৰণি মনসা পূজাখনৰ । উল্লেখ্য যে প্ৰায় ৩০০ বছৰ পূৰ্বে হেলচা অঞ্চলত মহামাৰীয়ে দেখা দিয়াত শ শ লোকৰ মৃত্যু হৈছিল । মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ গাঁওবাসীয়ে মনসা পূজা আৰম্ভ কৰে আৰু তেতিয়া গাঁওখনৰ পৰা মহামাৰী নাইকীয়া হয় ।

সেই প্ৰবাদ ৰক্ষা কৰিয়েই তেতিয়াৰে পৰা গাঁওবাসীয়ে ৰাজহুৱা ভাবে শ্ৰীশ্ৰী মনসা পূজা মহোৎসৱ উদযাপন কৰি আহিছে । অতি প্ৰাচীন পূজাখন বছৰি বছৰি বৃহৎ এক অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে । চৰকাৰৰ পৰা অসম দৰ্শন আচনিৰ লগতে বিভিন্ন আচনি লাভ কৰিছে অনুষ্ঠানটোৱে ।এইক্ষেত্ৰত অসম চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছে মনসা মন্দিৰ সমিতিয়ে ।

Post a Comment

Previous Post Next Post