ভাৰত তিব্বত সংঘ, অসম প্ৰান্তৰ উদ্যোগত দেওবাৰে মহানগৰীৰ দীঘলীপুখুৰী সমীপত অৱস্থিত গৌৰী সদনত "কাৰ্যকৰ্তা মন্থন: লুইতৰ পৰা চাংপোলৈ" শীৰ্ষক এক কাৰ্যক্ৰমৰ আয়োজন হৈ যায়। অনুষ্ঠানত পদ্মশ্ৰী অজয় দত্ত আৰু ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া মলয় বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। ভাৰত - তিব্বত সংঘ, অসম প্ৰান্তৰ অধ্যক্ষা অলকা পাটোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা দেওবাৰৰ অনুষ্ঠানত সংগঠনটোৰ মহিলা আৰু যুৱ বিভাগৰ কাৰ্যকৰ্তাৰ লগতে গুৱাহাটী জিলাৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে।
অনুষ্ঠানৰ আৰম্ভণিতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি ভাৰত তিব্বত সংঘ, অসম প্ৰান্তৰ মহামন্ত্ৰী অনিৰ্বাণ গোস্বামীয়ে কয়, "চীনৰ আগ্ৰাসী নীতি তথা ভাৰতৰ বাবে কঢ়িয়াই অনা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি চাৰি বছৰ পূৰ্বে ভাৰত-তিব্বত সংঘ প্ৰতিষ্ঠা কৰা হৈছিল। চীনে তিব্বত দখলৰ জৰিয়তে ভাৰতৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। ইয়াৰ জৰিয়তে চীনে সহজে ভাৰতবৰ্ষক আক্ৰমণ কৰিবলৈ সক্ষম। এনেবোৰ দিশত ৰাজ্যবাসীৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ অসমতো ভাৰত-তিব্বত সংঘৰ কামকাজ আৰম্ভ কৰা হৈছে।"
সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি পদ্মশ্ৰী অজয় দত্তই কয়, "তিব্বত হিন্দু ধৰ্মৰ আৰাধ্য দেৱতা মহাদেৱৰ বাসস্থান আৰু ভাৰতীয় হৃদয়ৰ প্ৰাণকেন্দ্ৰ। তিব্বত সুৰক্ষিত হৈ থাকিলেহে, ব্ৰহ্মপুত্ৰ জীয়াই থাকিব, ব্ৰহ্মপুত্ৰ জীয়াই থাকিলে অসম সুৰক্ষিত থাকিব আৰু অসম সুৰক্ষিত থাকিলেহে ভাৰত সুৰক্ষিত হৈ থাকিব।" শ্ৰী দত্তই কয়, "আগ্ৰহী চীনৰ শেনচকু এতিয়া লাডাখৰ পৰা অৰুণাচল প্ৰদেশলৈকে। এই ৰঙা চীনক প্ৰতিহত কৰাৰ সময় আহি পৰিছে। সেয়ে সমাজৰ প্ৰতিজন ব্যক্তিয়েই চীনৰ প্ৰতি সজাগ সচেতন হোৱাৰ প্ৰয়োজন।"
সভাত ভাষণ প্ৰদান কৰি অধ্যক্ষা অলকা পাটোৱাৰীয়ে কয়, ১৯৬২ চনৰ বিখ্যাত ভাৰতবৰ্ষ-চীনৰ যুদ্ধৰ মূল কাৰণ আছিল ১৯৫৯ চনত ভাৰতবৰ্ষই তিব্বতৰ স্বাধীনতাকামী ধৰ্মগুৰু দালাই লামাক প্ৰদান কৰা ৰাজনৈতিক আশ্ৰয়। জৱাহৰলাল নেহৰুৱে কোৱা ‘হিন্দী-চীনী ভাই ভাই’ শ্লোগানক ভৰিৰে মোহাৰি এই পৰিঘটনাৰ প্ৰতিশোধ লোৱাৰ বাবেই চীন অসমৰ তেজপুৰ পৰ্য্যন্ত আগবাঢ়ি আহিছিল। চীন আৰু ভাৰতবৰ্ষৰ মাজৰ সীমান্তৰ দৈৰ্ঘ্য প্ৰায় চাৰে তিনিহাজাৰ কিল’মিটাৰ; এই সীমান্তৰ বহু অঞ্চলেই বিবাদমান। চীনে পাকিস্তান, নেপাল, ভূটান, শ্ৰীলংকা, বাংলাদেশ, ম্যানমাৰ আদিকে ধৰি ভাৰতবৰ্ষক আৱৰি থকা দেশবোৰত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈও আৰম্ভ কৰিছে।
অলকা পাটোৱাৰীয়ে পুনৰ কয়, এই ৰঙা চীনক প্ৰত্যুত্তৰ দিয়াৰ সময় এতিয়া সমাগত। এই উদ্দেশ্য আগত ৰাখি কাম কৰি অহা ভাৰত-তিব্বত সংঘৰ কামকাজত অসমৰ প্ৰতিটো প্ৰান্তৰ ৰাইজৰ লগতে সংবাদ মাধ্যমৰ সহায়- সহযোগিতা কৰিব বুলি আমি আশাবাদী। উল্লেখ্য যে সভাখনত ভাৰত তিব্বত সংঘৰ ৰাষ্ট্ৰীয় নেতৃবৰ্গৰ লগতে তিব্বত চৰকাৰৰ প্ৰতিনিধিয়েও ভাৰ্চুৱেলী অংশগ্ৰহণ কৰিছিল ৷
অলকা পাটোৱাৰীয়ে পুনৰ কয়, এই ৰঙা চীনক প্ৰত্যুত্তৰ দিয়াৰ সময় এতিয়া সমাগত। এই উদ্দেশ্য আগত ৰাখি কাম কৰি অহা ভাৰত-তিব্বত সংঘৰ কামকাজত অসমৰ প্ৰতিটো প্ৰান্তৰ ৰাইজৰ লগতে সংবাদ মাধ্যমৰ সহায়- সহযোগিতা কৰিব বুলি আমি আশাবাদী। উল্লেখ্য যে সভাখনত ভাৰত তিব্বত সংঘৰ ৰাষ্ট্ৰীয় নেতৃবৰ্গৰ লগতে তিব্বত চৰকাৰৰ প্ৰতিনিধিয়েও ভাৰ্চুৱেলী অংশগ্ৰহণ কৰিছিল ৷