প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমনৰ পূৰ্বে ১৪টা প্ৰশ্ন উত্থাপন অসম জাতীয় পৰিষদৰ

 


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমনক লৈ ৰাজ্য চৰকাৰৰ পূৰ্ণ প্ৰস্তুতি চলিছে। অহা ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিতব্য বিহুৰ বৃহত্‍ অনুষ্ঠানত উপস্থিত থকাৰ লগতে এইমছ গুৱাহাটীকে ধৰি বহুকেইটা প্ৰকল্প মুকলি আৰু শিলান্যাস কৰিব। ইফালে প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণক লৈ বিৰোধী দলো হৈছে সষ্টম। অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈয়ে প্ৰধানমন্ত্ৰীৰ অসম আগমনক লৈ ১৪টা প্ৰশ্ন উত্থাপন কৰিছে। এক প্ৰেছ বিবৃতিযোগে গগৈয়ে এই প্ৰশ্ন উত্থাপন কৰে।


গগৈ উল্লেখ কৰে যে এই প্ৰশ্নৰ উত্তৰ অসমবাসীয়ে জানিব বিচাৰিছে, আৰু ইয়াৰ উত্তৰ ১৪ এপ্ৰিলত দিবলৈ প্ৰধানমন্ত্ৰী মোদীক আহ্বান জনায়-
১) বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ কেতিয়া হ’ব? বিদেশীয়ে টালি-টোপোলা বান্ধি কেতিয় দেশ এৰিব? ২০১৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এখন নিৰ্বাচনী সভাত ঘোষণা কৰিছিল, সকলো অবৈধ বিদেশীয়ে টালি-টোপোলা বান্ধি ৰাখক, ১৬ মে’ৰ পিছত ভাৰত এৰিব লাগিব৷

২) খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষাকৱচ কেতিয়া নিশ্চিত হ’ব? অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ পৰামর্শদাতা উচ্চস্থৰীয় কমিটী (বিপ্লৱ শৰ্মা কমিটী)ৰ প্ৰতিবেদন ‘দাৰি-কমা নকটাকৈ’ কাৰ্যকৰী কৰিম বুলি ৰাজ্যসভাত ভাৰতৰ গৃহমন্ত্ৰীয়ে ২০১৯ চনৰ ১১ ডিচেম্বৰত ঘোষণা কৰিছিল৷

৩) নামনি সোৱণশিৰি প্ৰকল্প সন্দৰ্ভত বিজেপি চৰকাৰে ওলোটা খৰ মাৰিলে কিয়? নামনি সোৱনশিৰি জঃ বিঃ প্ৰকল্প বিপদজনক – সকলোৱে দেখিছে৷ বিজেপি ক্ষমতালৈ আহিলে প্ৰকল্প বন্ধ কৰিম বুলি ঘোষণা কৰিছিল দলটোৱে৷ ২০১০ চনৰ ১৭ ছেপ্টেম্বৰত গেৰুকামুখত বিশাল প্ৰতিবাদী সভাত বিজেপিৰ তেতিয়াৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজনাথ সিঙে এই ঘোষণা কৰিছিল৷ কিন্তু ফুটুকাৰ ফেন হ’ল৷

৪) আপুনি দিয়া প্ৰতিশ্ৰুতি মতে, ১৫ লাখ টকা বেংক একাউন্টত কেতিয়া সোমাব? ২০১৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদীয়ে কৈছিল যে চুইছ বেংকত জমা থকা ভাৰতীয় ক’লা ধন উভতাই আনি সকলো ভাৰতীয় মানুহৰ বেংক একাউন্টত ১৫ লাখকৈ টকা ভৰাই দিয়া হ’ব৷ তাৰ বাবে ২০১৪ চনত, এবছৰতে ৰাইজে ৪৭.৮ কোটি জনধন একাউন্ট খুলিছিল৷

৫) খাদ্য-দ্ৰব্য, ৰন্ধন গেছ, পেট্ৰ'ল-ডিজেলৰ আকাশলংঘী মূল্য কেন্দ্ৰীয় নিয়ন্ত্ৰণ হ’ব? আচ্ছে দিন আহিব বুলি কৈছিল৷

৬) অসমৰ বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কেতিয়া হ’ব? অসমৰ বান আৰু গৰাখহনীয়াৰ স্থায়ী সমাধানৰ প্ৰতিশ্ৰুতি দিছিল প্ৰধানমন্ত্ৰীয়ে৷ ২০১৪ চন ৮ ফেব্ৰুৱাৰীত খানাপাৰা খেলপথাৰত বিজেপিৰ ‘মহা জাগৰণ ৰেলী’ত এই প্ৰতিশ্ৰুতি দিছিল৷

৭) জাগীৰোড-পাঁচগ্ৰাম কাগজ কল পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰিলে কিয়? ২০১৬ চনৰ মাৰ্চ মাহত পাঁচগ্ৰামৰ ওচৰৰ কালিনগৰৰ এখন নিৰ্বাচনী সভাত নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল যে ১০১৬ৰ বিধানসভা নির্বাচনৰ পিছতে কাছাৰ কাগজ কল পুনৰ আৰম্ভ কৰা হ’ব৷  বিজেপি দলে ২০১৬, ২০১৯ আৰু ২০২১ চনৰ নির্বাচনী ইস্তাহাৰত কাগজ কল পুনৰ মুকলি কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল৷

৮) অসম ৰাজ্যৰ ওপৰত ২৭খন টোল গেট জাপি দিলে কিয়? টোল কৰ লোৱা সত্ত্বেও ঘাইপথৰ অৱস্থা শোচনীয় কিয়? ২০১৪ চনৰ পূৰ্বে অসমত এখনো টোলগেট নাছিল৷ বৰ্তমানে ৰাজ্যত ৭খন টোলগেট চলি আছে৷ অসম বিধানসভাৰ সদ্যসমাপ্ত অধিৱেশনত চৰকাৰে জনাইছে যে ৰাজ্যত মুঠ ২৭খন টোলগে’ট হ’ব৷ ঘাইপথ নিৰ্মাণৰ কাম শেষ নোহোৱাকৈ বা ঘাইপথৰ শোচনীয় অৱস্থা হৈ ঠকা সত্ত্বেও ইমান উচ্চ হাৰত টোল কৰ কিয় লৈ থকা হৈছে৷

৯) মাতৃভাষা মাধ্যমৰ বিদ্যালয় ধ্বংসৰ ৰাজ্য চৰকাৰৰ ষড়যন্ত্ৰত আপুনি মৌন কিয়? ৰাষ্ট্ৰীয় শিক্ষা নীতিত মাতৃভাষাত শিক্ষা দিয়াৰ ওপৰত গুৰুত্ব দিয়া হৈছে৷ আনকি আঞ্চলিক ভাষাত মেডিকেল-ইঞ্জিনীয়াৰিঙৰ পাঠ্যক্ৰমো দেশৰ অন্য ৰাজ্যত বিজেপি চৰকাৰে আৰম্ভ কৰিছে৷ কিন্তু অসমত মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহ ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে চৰকাৰ৷ আমি অসম চৰকাৰৰ এনে পদক্ষেপ ৰোধ কৰাৰ বাবে প্ৰধানমন্ত্ৰীলৈ চিঠি লিখি হস্তক্ষেপ কৰিবলৈ অনুৰোধ কৰিছিলো৷ কিন্তু প্ৰধানমন্ত্ৰী নিমাত৷

১০)  আদানীৰ বিত্তীয় প্ৰতাৰণাৰ তদন্ত কেতিয়া হ’ব ? পুঁজিপতি গৌতম আদানীৰ বিৰুদ্ধে উত্থাপিত বিত্তীয় অনিয়ম, জালিয়াতি তথা অৰ্থনৈতিক অপৰাধৰ বিৰুদ্ধে দেশজুৰি প্ৰতিক্ৰিয়া হৈছে৷ সকলোৱে তদন্ত বিচাৰিছে৷ প্ৰধানমন্ত্ৰীয়ে তদন্তত আগ্ৰহ দেখুওৱা নাই কিয়?

১১) কৃষকৰ আয় কেতিয়া দুগুণ হ’ব? নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ কৃষকৰ আয় দুগুণ কৰাৰ পদক্ষেপ হাতত লোৱাৰ কথা কৈছিল৷ এই বিষয়ে কওঁতে তেওঁ অসমৰো নাম উল্লেখ কৰিছিল৷ কিন্তু দেখা গৈছে কৃষকৰ আয় কমিছেহে৷

১২)  অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ ব্যৱস্থা আৰম্ভ হৈছে ৩য় মৰ্চা চৰকাৰৰ দিনত; তেতিয়া প্ৰধানমন্ত্ৰী আছিল ভি পি সিং৷

১৩) অসমৰ অবৈধ কয়লা খনন আৰু ছিণ্ডিকেট কেতিয়া বন্ধ হ’ব? অসমত ব্যাপক হাৰত অবৈধ কয়লাৰ খনন, সৰবৰাহ আৰু ছিণ্ডিকেট চলি থকাৰ কথা সৰ্বজনবিদিত৷ স্বয়ং গুৱাহাটী উচ্চ ন্যায়ালয়তো এই কথা উন্মোচিত হৈছে আৰু ন্যায়ালয়ে অবৈধ কয়লা খনন বন্ধ কৰিবলৈ চৰকাৰক নির্দেশ দিব লগা হৈছে৷ প্ৰাঞ্জল মৰাণৰ হত্যাকাণ্ডই অবৈধ সাম্ৰাজ্যৰ পৃষ্ঠা উন্মোচন কৰিছে৷ অসম জাতীয় পৰিষদে প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰি ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছিল যদিও কিয় একো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই?

১৪) অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়াল/ঘনিষ্ঠসকলৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগৰ কেতিয়া তদন্ত হ’ব? অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লোকৰ বিৰুদ্ধে অবৈধ উপায়েৰে চৰকাৰী মাটি হস্তান্তৰ কৰি বৃহৎ ভূমি কেলেংকাৰীত জড়িত হোৱাৰ তথ্য ৰাজহুৱা হৈছে৷ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক সহযোগীৰ বিৰুদ্ধেও ব্যাপক বিত্তীয় অনিয়ম কৰাৰ তথ্য ওলাইছে৷ এইবোৰৰ তদন্ত কিয় হোৱা নাই? অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈ অহা দুৰ্নীতিৰ তদন্ত কৰা হ’ব বুলি বিজেপি কেন্দ্ৰীয় সমিতিয়ে পুস্তিকা প্ৰকাশ কৰি ‘হিমন্ত বিশ্ব শৰ্মাক জেললৈ পঠিয়াম’ বুলি দাবী কৰিছিল৷ তদন্ত কেতিয়া হ’ব?

Post a Comment

Previous Post Next Post