গুৱাহাটীত অনুষ্ঠিত ৪৪ সংখ্যক ৰাজ্যিক এথলেটিকছত প্ৰতিযোগিতাত ১০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰি যোৰহাট জিলা ক্ৰীড়া সন্থাৰ হৈ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে টীয়কৰ চিৰাম মিচিং গাঁৱৰ সন্দীপ টায়েই । উদীয়মান খেলুৱৈ সন্দীপৰ এই সফলতাত এতিয়া সমগ্ৰ টীয়কবাসী গৌৰৱাম্বিত ।
সন্দীপ টায়েৰ এই সফলতাত এতিয়া সকলো উৎফুল্লিত হৈ আজি চিৰাম মিচিংগাঁৱত গাঁওবাসীৰ উদ্যোগত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয় । গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক অৰ্গেশ্বৰ টাইৰ সভাপতিত্বত আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠানত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি ৰিজু কুমাৰ শইকীয়া, জিলা ক্ৰীড়া সন্থাৰ সদস্য মতিলাল টাই, টীয়ক ক্ৰীড়া সন্থাৰ সম্পাদক দেবেন কোঁৱৰ, জ্যেষ্ঠ খেলুৱৈ বলীন বৰা,অৰুণ ৰেগন, দেৱজিত বৰুৱা, যুৱ ব্যৱসায়ী অমৃত মিলি, শিক্ষক ভৱকান্ত টাহুকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকি যুৱ ক্ৰীড়াবিদগৰাকীক ৰাজহুৱাকৈ সম্বৰ্ধনা জনায় আৰু অনাগত দিনত সন্দীপৰ আৰু অধিক সফলতা কামনা কৰে ।
উল্লেখযোগ্য যে এই অনুষ্ঠানতে টি এম পি কে,এম এম কে,টি এম এম কে আৰু মিচিং বানে কৌবাং,আবাং কৌবাং,দৃৰবৃ কৌবাংৰ ফালৰ পৰাও সন্দীপক সম্বৰ্ধনা জনোৱা হয় ।