বৰ্হমথুৰিয়ে কেৱল ওঁঠেই ৰঙা কৰেনে! আছে ঔষধি গুণো


 

পদূলি পালেহি হেঁপাহৰ ব'হাগ ৷ ব'হাগ বুলিলেই বিৰিখৰ ডালত কুঁহিপাতৰ নাচোন ৷ নাচনীৰ দুহাত ৰঙীণ কৰিবলৈ জেতুকাজোপাৰো যেন সাজোন-কাচোন ৷ ওঁঠ ৰঙা কৰিবলৈ প্ৰস্তুত বৰ্হমথুৰি ৷ বৰ্হমথুৰি পূৰ্বতে এবিধ প্ৰসাধন সামগ্ৰীয়েই আছিল ৷ অসমীয়া নাৰীয়ে ওঁঠত ৰং বুলাবলৈ প্ৰাকৃতিকভাৱে ব্যৱহাৰ কৰিছিল অওকাঠী গছ বৰ্হমথুৰিৰ থুৰি অথবা চুপহি ৷


এসময়ত প্ৰেমৰ প্ৰতীক হিচাবে গণ্য কৰা বৰ্হমথুৰিৰ কুমলীয়া থুৰি তামোলৰ লগত অথবা শুদাকৈ হ'লেও চোবাই ৰঙীন কৰিছিল দুই ওঁঠ ৷ সময় বাগৰাৰ লগে লগে সেই প্ৰসাধনৰ স্থান লিপষ্টিকে ল'লেও যদিও এতিয়াও পিছে আদৰ কমা নাই বৰ্হমথুৰিৰ ৷ ৰঙালী বিহুৰ আগমনৰ লগে লগে প্ৰাসংগিক হৈ পৰে বৰ্হমথুৰি ৷ বৰ্হমথুৰিৰ চুপহি চোবাই তামোলৰ সেলেঙিৰ দৰে ৰঙা ৰং বুলাই বিহুতলীলৈ যাব নাচনী ৷

দীঘল দীঘল পাতেৰে থুৰি মেলা বৰ্হমথুৰিৰ অৱশ্যে ঔষধি গুণো আছে ৷ যাৰ বাবে শেহতীয়াকৈ প্ৰসাধন সামগ্ৰী প্ৰস্তুতৰ বাবেও ব্যৱহাৰ কৰা হৈছে বৰ্হমথুৰি ৷ বৰ্হমথুৰিৰ কুমলীয়া পাত দৈনিক চোবালে দাঁতৰ পায়েৰিয়া দূৰ হয় । ইয়াৰ কুমলীয়া পাতৰ ৰস খালে গেছ আৰু এছিডিটিৰ সমস্যা দূৰ হয় বুলিও জনা যায় । ইয়াৰোপৰি মুখ গহ্বৰৰ যি কোনো ৰোগৰ প্ৰতিষেধক এই বৰ্হমথুৰি ৷

Post a Comment

Previous Post Next Post