১৪ এপ্ৰিলত সূৰ্য মীন ৰাশিৰ পৰা ওলাই মেষ ৰাশিত প্ৰৱেশ কৰিব। মেষ হ’ল সূৰ্যৰ উচ্চ ৰাশি। জ্যোতিষীসকলৰ মতে, সূৰ্যৰ এই গোচৰৰ সময়ত ৫টা ৰাশিৰ ভাগ্য সলনি হ’ব। উপাৰ্জন বাঢ়িব! অৰ্থ–সন্মান–যশ–প্ৰতিপত্তি এইবোৰৰ অভাৱ নাথাকিব। জানি লওক এই ভাগ্যৱানসকল কোন?
মেষ ৰাশি : বিশাল অৰ্থপ্ৰাপ্তিৰ যোগ আছে। চাকৰিত পদোন্নতি হ’ব। বেতন বাঢ়িব বহু পৰিমাণে। ব্যৱসায়ত বিশাল মুনাফা অৰ্জন কৰিব। নতুন চাকৰিৰ সুযোগো পাব পাৰে। পাৰিবাৰিক জীৱনত সুখ, শান্তি বৰ্তি থাকিব।
মিথুন : বিশাল টকা আহিব হাতলৈ। অৰ্থ–সন্মান–যশ–প্ৰতিপত্তি... একোৰে অভাৱ নাথাকিব! চাকৰিজীৱীসকলৰ কামৰ ক্ষেত্ৰত উন্নতি হ’ব। ব্যৱসায়ীসকলৰো মুনাফা বাঢ়িব। একাধিক আয়ৰ উৎস খোল খাব। স্বাস্থ্য ভালে থাকিব। বাহিৰলৈ ফুৰিবলৈ যাব পাৰে।
কৰ্কট ৰাশি : প্ৰচূৰ টকা আহিব হাতলৈ। যিসকলে বিদেশত চাকৰি কৰাৰ কথা ভাবিছে, তেওঁলোকে এই সময়ত ভাল সুযোগ পাব পাৰে। বিবাহযোগ্যসকলৰ বিয়াৰ কথা নিশ্চিত হ’ব পাৰে। দাম্পত্য কলহ দূৰ হ’ব। পাৰিবাৰিক শান্তি ঘূৰি আহিব। এই সময়ত আপুনি সঞ্চয় কৰিব পাৰিব, বেংক বেলেঞ্চ বাঢ়িব।