শিৱসাগৰ হাতীঘূলিত বোৱাৰীয়েকক ঘপিয়ালে বৰজনাকে

 


 শিৱসাগৰ জিলাৰ হাতীঘূলিত বোৱাৰীয়েকক ঘপিয়াই হত্যাৰ অপচেষ্টা বৰজনাকৰ । বিয়লি কোনো কাৰণত মহিলাগৰাকীক বৰজনাক ভৰত গোৱালাই হত্যাৰ চেষ্টা চলায় ।


গুৰুতৰভাৱে আহত মহিলাগৰাকীক ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । মহিলাগৰাকীক কি কাৰণত চোকা অস্ত্ৰৰে ঘপিয়ালে তাক লৈ সন্দিহান পৰিয়ালবৰ্গ ।

ইপিনে এই কাণ্ড কৰি পলায়ন কৰে ভৰত গোৱালা । ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰিব বুলি সদৰী কৰিছে কমল গোৱালাই ।

Post a Comment

Previous Post Next Post