ৰিয়াল চলাবলৈ এটা সময়ত ৰাস্তাত ঝাড়ু মাৰিছিল! সেই ৰিংকু সিঙে ৫টা বলত পাঁচটা ছয় কোবাই গঢ়িলে ডাঙৰ অভিলেখ



 উত্তৰ প্ৰদেশৰ আলিগড়ত জন্ম তেওঁৰ। দাৰিদ্ৰতাৰ সৈতে সৰুৰে পৰা যুঁজ। কিন্তু কোনো বাধাই তেওঁক ৰখাব নোৱাৰিলে।ৰিংকু সিঙৰ পিতৃয়ে ঘৰে ঘৰে গেছ চিলিণ্ডাৰ যোগান ধৰে। পুত্ৰক ক্ৰিকেট শিকোৱাৰ বাবে আৰ্থিক সামৰ্থ্য নাছিল তেওঁৰ। কিন্তু ৰিংকুৱে হাৰ মনা নাছিল। সেই ৰিংকুৱে দেখুৱাই দিলে, চাপৰ মাজত ছয় কেনেকৈ মাৰিব লাগে।পাঁচটা বলত প্ৰয়োজন ২৮ ৰান। ৰিংকুৱে কৰিলে ৩০। মেচৰ অন্তিম ৫টা বলত ৫টা ছয় কোবোৱা এনে অভিলেখ টি–২০ ক্ৰিকেটত আন কাৰো নাই।পাঁচ ভাতৃ–ভগ্নীৰ ভিতৰত তেওঁ তৃতীয় সন্তান। এটা সময়ত পৰিয়াল চলাবলৈ পথত ঝাড়ু মাৰিছিল ৰিংকুৱে। এতিয়া তেওঁ কলকাতা নাইট ৰাইডাৰ্ছৰ নায়ক।

ৰিংকু সিং ক্ৰীজত নাথাকিলে হয়তো গুজৰাট টাইটানছৰ বিৰুদ্ধে জয়ী হ’ব নোৱাৰিলেহেঁতেন কেকেআৰ। তাৰ উপৰি ৫টা বলত ২৮ ৰান বাকী থকা খেলো যে জিকিব পাৰি, সেয়াই শিকাই দিলে ৰিংকু সিঙে।

ৰিংকুৱে ইয়াৰ পূৰ্বেও সুন্দৰ ইনিংছ খেলিছে। কিন্তু দেওবাৰৰ প্ৰদৰ্শনে আইপিএলৰ ইতিহাসত তেওঁক অমৰ কৰি ৰাখিব।

Post a Comment

Previous Post Next Post