অপৰিষ্কাৰ হৈ পৰিছে গুৱাহাটী, মহানাগৰিকে য'তে ত'তে পেলাইছে জাবৰ


 

অপৰিষ্কাৰ হৈ পৰিছে গুৱাহাটী ৷ মহানাগৰিকে য'তে ত'তে পেলাইছে জাবৰ । যাৰ বাবে প্ৰদূষিত হৈছে গুৱাহাটী মহানগৰী । আই পি এল খেলৰ প্ৰাকক্ষণত মহানগৰ প্ৰশাসনে লেতেৰা ভৰলুক ঢাকি ৰাখি লজ্জা নিবাৰণৰ চেষ্টা চলাইছিল । বাম হৈ পৰিছে ভৰলুৰ বুকু ।


পৌৰ নিগমৰ নীতি নিৰ্দেশনা আওকান কৰি একাংশ মহানগৰবাসীয়ে য'তে-ত'তে জাবৰ জোথৰ পেলোৱাৰ বাবেই সৃষ্টি হৈছে এই সমস্যা । যাৰ ফলস্বৰূপে এতিয়া পৌৰ নিগমে ফাইনৰ ব্যৱস্থা হাতত লৈছে । ৰাস্তা বা ৰাজহুৱা স্থানত আৱৰ্জনা পেলালে জৰিমনা দিব লাগিব পেলোৱা ব্যক্তিজনে ।অন্যহাতে গুৱাহাটী পৌৰ নিগমৰ পাৰিষদসকলেও লৈছে বহুখিনি পদক্ষেপ । জনসাধাৰণে যাতে কোনো কাৰণতেই আৱৰ্জনা য'তে ত'তে পেলাব নোৱাৰে তাৰ বাবে ৪৯ নং ৱাৰ্ডৰ পাৰিষদ অৰূপ ডেকাৰ উদ্যোগত মূকাভিনয়ৰে “স্বচ্ছতা” প্ৰদৰ্শন কৰা হয় ।

এই মূকাভিনয়ৰে ৰাইজক শিল্পী সকলে য'তে ত'তে জাৱৰ জোথৰ নেপেলাব, বাটে ঘাটে আৰু কিমান পিকাব ! ডিঙিত এটা বাল্টি ওলোমাই লওঁক, নদীত জাৱৰ নেপেলাব ইত্যাদি বাৰ্তা প্ৰেৰণ কৰে । এই নাটৰ পৰিকল্পনা আৰু পৰিচালনা যুৱ মূকাভিনেতা মিনাংক ডেকাৰ । এই অনুষ্ঠানত ৪৯ নং ৱাৰ্ডৰ পাৰিষদ অৰূপ ডেকাৰ লগতে অঞ্চলটোৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Post a Comment

Previous Post Next Post