ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে এটা ভয়ংকৰ ভূমিকম্পই তুৰ্কী আৰু ছিৰিয়াক কঁপাই তুলিছিল। কমেও ৫০ হাজাৰ লোকৰ মৃত্যু হৈছিল। পুনৰ ভূমিকম্পই জোকাৰি গ’ল তুৰস্কক (Turkey Earthquake)। দেশখনৰ আফচিনৰ পৰা ২৩ কিলোমিটাৰ দক্ষিণ-পশ্চিমে অনুভূত হয় এই কম্পন। ৰিখটাৰ স্কেলত ভূমিকম্পৰ তীব্ৰতা আছিল ৪।
জানিব পৰা মতে, সোমবাৰে ভূমিকম্পৰ কম্পন অনুভূত হয়। ইয়াৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৪.০। পুৱা ৪.২৫ বজাত এই ভূমিকম্পৰ কম্পন অনুভূত। এইপৰ্যন্ত কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ অহা নাই। উল্লেখযোগ্য যে যোৱা ফেব্ৰুৱাৰী মাহত তুৰস্ক আৰু ছিৰিয়াত ৭.০ ৰিখটাৰ স্কেলৰ ভূমিকম্প সংঘটিত হৈছিল। সেই ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰৰো অধিক। লাখ লাখ লোক আহত হৈছিল। ভাৰতকে ধৰি বিভিন্ন দেশে আগবঢ়াইছিল সহায়ৰ হাত।
আনহাতে, শুকুৰবাৰে ইণ্ডোনেছিয়াৰ মূল দ্বীপ জাভা আৰু পৰ্যটনস্থলী বালিতো এক ভূমিকম্পৰ সৃষ্টি হয়। আমেৰিকাৰ জিঅ’লজিকেল ছাৰ্ভে ইনষ্টিটিউটে জনোৱা মতে, এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল পূব জাভা দ্বীপৰ উপকূলীয় চহৰ টুবানৰ পৰা ৯৬.৫ কিলোমিটাৰ উত্তৰত ৫৯৪ কিলোমিটাৰ গভীৰতাত আৰু ইয়াৰ মাত্ৰা ৭.০।
Tags:
International