কোটিটকীয়া শ্বপিং মলেও টলাব পৰ নাই ফাঁচিবজাৰক


 

ৰঙালীৰ ৰঙৰ মাজতে ৰাইজে বৰ্তমানেও যেন মহানগৰীত অব্যাহত ৰাখিছে বিহুৰ বজাৰ সমাৰ । উত্তৰ পূবৰ ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীৰ ফাঁচিবজাৰ । এই ফাঁচিবজাৰ যেন এতিয়াও বিহুৰ বাবেই ৰঙীন । সদাব্যস্ত ফাঁচিবজাৰ এইবাৰ বিহুত যেন আৰু অধিক ব্যস্ত হৈ পৰিল ।


গুৱাহাটী মহানগৰীত নিৰ্মাণ হৈছে ইটোৰ পাছত সিটোকৈ শ্বপিং মল । বিভিন্ন ব্ৰেণ্ডৰ সাজ-পোচাকে ভৰি পৰিছে শ্বপিং মলসমূহ । কিন্তু বৰ্তমানেও যেন অটুট আছে ফাঁচিবজাৰৰ সেই গৰিমা । ৰাজ্যৰ কাপোৰৰ পাইকাৰী বজাৰৰ মূলকেন্দ্ৰ ফাঁচিবজাৰ । বিভিন্ন প্ৰান্তৰ ব্যৱসায়ীয়ে ফাঁচিবজাৰৰ পৰাই ক্ৰয় কৰে সাজ-পাৰ । আজিৰে পৰা বিশ বা ত্ৰিশ বছৰৰ পূৰ্বে ফাঁচিবজাৰক লৈ গ্ৰাহকৰ যি আবেগ আছিল বৰ্তমানেও যেন সেই গৰিমা ধৰি ৰাখিছে ফাঁচিবজাৰে ।

মহানগৰীত মুকলি হোৱা কোটিটকীয়া শ্বপিং মলসমূহ যেন অভিজাত লোকৰ বাবেহে । কাৰণ দুখীয়া বা মধ্যবিত্ত লোকে মন পচন্দৰ সামগ্ৰী নিজৰ বাজেট অনুসৰি ক্ৰয় কৰিব পৰাকৈ সুবিধা নাই এইসমূহ শ্বপিং মলত । যেন কেৱল অভিজাত লোকৰ বাবেহে এইসমূহ শ্বপিং মল । কিন্তু ফাঁচিবজাৰৰ যেন কথাই সুকীয়া । ফাঁচিবজাৰ সকলোৰে বাবে ৷

দুখীয়া, মধ্যবিত্ত বা অভিজাত বুলি কোনো কথা নাই । সুবিধা অনুযায়ী মন পচন্দৰ সামগ্ৰী কম দামত গ্ৰাহকে ক্ৰয় কৰিব পাৰে ফাঁচিবজাৰত । ২৫ -৩০ বছৰৰ পূৰ্বে গুৱাহাটীৰ চেহেৰা আছিল সুকীয়া । এতিয়া কেউদিশে বৃহৎ বৃহৎ শ্বপিং মল গুৱাহাটীত । বহুতে ভাবিছিল ফাঁচিবজাৰৰ পূৰ্বৰ জনপ্ৰিয়তা হ্ৰাস পাব । শ্বপিং মল বা অনলাইন প্ৰতিস্থানসমূহে নাইকিয়া কৰি পেলাব ফাঁচিবজাৰক । কিন্তু এই ধাৰণা যেন ভুল প্ৰমাণিত হ'ল ।

Post a Comment

Previous Post Next Post