বিশ্ব শিল্পকলা দিৱসত বাংলা নৱবৰ্ষ-ৰঙালী বিহুৰ যুগলবন্দী



 কণ কণ শিশুৰ পৰা আৰম্ভ কৰি নবীন, প্ৰবীণ সকলোৱে মিলি কেনভাছত ছবি আঁকিছে বিশ্ব শিল্পকলা দিৱসত। শিলচৰৰ বিভিন্ন বয়সৰ চিত্ৰশিল্পীসকলে আজি অফিচপাৰাৰ ক্ষুদিৰাম প্ৰতিমূৰ্তিৰ তলত সমৱেত হৈ কেনভাছত চিত্ৰ অংকন কৰি চহৰবাসীক মন্ত্ৰমুগ্ধ কৰে।


বাংলা নৱবৰ্ষ, অসমীয়া ৰঙালী বিহু আৰু বিশ্ব শিল্পকলা দিৱস একেদিনাই অনুষ্ঠিত হোৱাৰ বাবে চিত্ৰশিল্পীসকলে তিনিটা অনুষ্ঠানৰ আয়োজন কৰে ৷  শনিবাৰে বিশ্ব শিল্পকলা দিৱস উপলক্ষে শিলচৰৰ অন্যতম চিত্ৰাংকন প্ৰতিষ্ঠান বৰাক আৰ্ট এণ্ড ক্ৰাফ্ট ছ’চাইটীৰ উদ্যোগত এক বৃহৎ শোভাযাত্ৰা উলিওৱা হয়।


পুৱা ৰাংগিৰখাৰীৰ নেতাজী প্ৰতিমূৰ্তিৰ তলৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰা অফিচপাৰাত ক্ষুদিৰাম বসুৰ প্ৰতিমূৰ্তিৰ তলত সমৱেত হয়। এই শোভাযাত্ৰাত নিউ শিলচৰ আৰ্ট একাডেমী, চিত্ৰ ভাৰতী একাডেমী, উত্তমাশা কলা কেন্দ্ৰ, লাৰ্ন এণ্ড গ্ৰ’, ৰেনবো আৰু অৰ্কিড পেইণ্টাৰ গ্ৰুপকে ধৰি বিভিন্ন চিত্ৰাংকন প্ৰতিষ্ঠানৰ শিল্পীয়ে অংশগ্ৰহণ কৰে।

ক্ষুদিৰাম বসুৰ প্ৰতিমূৰ্তিৰ তলত নবীনৰ পৰা প্ৰবীণ শিল্পীলৈকে প্ৰায় ২৫জন শিল্পীয়ে ডাঙৰ ডাঙৰ কেনভাছত ছবি অংকন কৰে। ছবি অংকন কৰে বিখ্যাত কাৰ্টুনিষ্ট-ভাস্কৰ্য শিল্পী স্বপন সিনহা, প্ৰদীপ আচাৰ্য, অৰূপ পাল, নীলোৎপল চৌধুৰীয়েও। নৱবৰ্ষৰ থিম আগত ৰাখি চিত্ৰশিল্পীসকলে অংকন কৰে গণেশ, মংগলঘট, বাঙালী সাজ-পোছাক পৰিহিত মহিলা, বিহুৱতীৰ বিহু নৃত্য ইত্যাদি। কেইবাগৰাকীও চিত্ৰকৰে অংকন কৰে এবষ্ট্ৰেক্ট ছবি।

Post a Comment

Previous Post Next Post