"আমাৰ ৰঙালী বিহু সমন্বয়ৰ প্ৰতীক। বিহু আমাৰ স্বাভিমান। ৰঙালী বিহু অসমীয়া জাতিৰ সঞ্জীৱনী শক্তি। আমাক উজ্জীৱিত কৰি ৰাখিবলৈ বিহুটিকো আমি সঠিকভাৱে ৰীতি-নীতিৰে পালন কৰিব লাগিব। " ব'হাগৰ আজি দ্বিতীয়টো দিনত শিৱসাগৰ বেতবাৰীৰ শুকানপুখুৰীত মুকলি বিহু উপভোগ কৰি এই মন্তব্য কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে।
বিহুৰ পৰম্পৰা ধৰি ৰাখিবলৈ তৰুণ প্ৰজন্মক চিনাকি কৰাই দিব লাগিব বুলিও উল্লেখ কৰি তপন কুমাৰ গগৈয়ে কয়- "বিশ্ববাসীক আমাৰ ৰঙালী বিহুটিক চিনাকি কৰাই দিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে যি পদক্ষেপ ল'লে, সেয়া অতিকে আদৰণীয়। গীনিছ ৱৰ্ল্ড ৰেকৰ্ডত আমি স্বাভিমানী অসমীয়াই বিহুক অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱাটো গৌৰৱৰ বিষয়।"
ইয়াৰ উপৰি তাই হুঁচৰি, মিচিং জনগোষ্ঠীয়, চাহ জনগোষ্ঠীয়সকলৰ গীত-নৃত্যও পৰিৱেশন কৰা হয়। মুকলি বিহুৰ লগত সংগতি ৰাখি ঢোলৰ ওজা ফেমাছ ফুকনে ঢোল বাদন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। তদুপৰি দিচাং শুকানপুখুৰী হাইস্কুলৰ শিক্ষয়িত্ৰী আৰু ছাত্ৰীসকল লগ হৈ গঠন কৰা এটি দলেও বিহু গাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।
হুঁচৰি উপভোগ কৰি থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে দিচাংপৰীয়া সন্মিলিত যুৱ সমাজে বহু সংখ্যক কণ কণ শিশু, কিশোৰ-কিশোৰীক বিহু নাচ, ঢোলবাদনৰ প্ৰশিক্ষণ দিয়াৰ যি ব্যৱস্থা কৰিলে সেয়া অতিকে আদৰণীয় বুলি মন্তব্য কৰে। লগতে শক্তিশালী জাতি হিচাপে জীয়াই থাকিবলৈ আমি পৰম্পৰা ধৰি ৰাখিব লাগিব বুলিও ব্যক্ত কৰে সুশান্ত বৰগোহাঁয়ে। লক্ষণীয় যে দিচাংপৰীয়া সন্মিলিত যুৱ সমাজৰ উদ্যোগত ৰঙালী বিহুৰ পূৰ্বে ২০ দিনৰো অধিক ঢোল বাদন আৰু বিহু নাচৰ কৰ্মশালা অনুষ্ঠিত কৰিছিল।
সেই কৰ্মশালাত অংশগ্ৰহণ কৰা শিশু, কিশোৰ-কিশোৰীসকলেও আজি মুকলি বিহুত বিহু নাচ আৰু ঢোলবাদন প্ৰদৰ্শন কৰি দৰ্শক ৰাইজক আমোদ দিয়ে। চাকিল হুছেইনে আঁত ধৰা উক্ত মুকলি বিহুৰ মাজতে উদ্যোগক্তাসকলে কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু একাংশ সাংবাদিকক সম্বৰ্ধনা জ্ঞাপন কৰে।
অনুষ্ঠানত মুকলি বিহু উদযাপন সমিতিৰ সভাপতি, অঞ্চলটোৰ সৰবৰহী যুৱক সমীৰণ বৰদলৈয়ে বেতবাৰী ৰাইজৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে তৰুণ প্ৰজন্মই যাতে শুদ্ধ ৰূপত বিহু নাচিব, ঢোল-পেঁপা বজাব, নাচিব পাৰে তথা বিহুনো প্ৰকৃততে কি তাক চিনাকি কৰাই দিয়াৰ বাবেই এনে পদক্ষেপ বিলাক লোৱা বুলি মন্তব্য কৰে।