AIUDFৰ উদ্যোগত গুৱাহাটীত ইফতাৰ অনুষ্ঠান, চৈধ্যগৰাকী বিধায়কেই অনুপস্থিত


 

গুৱাহাটীৰ হাতীগাঁওৰ মণীষা বিবাহ ভৱনত এআইইউডিএফৰ ইফতাৰ। ইফতাৰত উপস্থিত নাই দলৰ মুৰব্বী সাংসদ বদৰুদ্দিন আজমল।


মাত্ৰ এগৰাকী বিধায়ক উপস্থিত থাকে ইফতাৰত। এআইইউডিএফৰ ১৪ গৰাকী বিধায়কে উপস্থিত নাছিল দলীয় ইফতাৰত। কেৱল বিধায়িনী দলৰ নেতা হাফিজ বচিৰ আহমেদ কাছিমি উপস্থিত থাকে। জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানে এই ইফতাৰত অংশগ্ৰহণ কৰে।

পোন্ধৰগৰাকী বিধায়কৰ ভিতৰত ১৪গৰাকীয়ে অনুপস্থিত সম্পৰ্কত এআইইউডিএফৰ যুৱ মৰ্চাৰ সভাপতি জেহেৰুল ইছলামে বিভিন্ন প্ৰান্তত ইফতাৰ পাৰ্টী থকা বাবে বিধায়কসকলে গুৱাহাটীৰ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে বুলি কয়।

Post a Comment

Previous Post Next Post