৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে জ্যেষ্ঠ সাংবাদিক পি পি সিঙে। হৃদৰোগৰ বাবে দেওবাৰে গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ সাংবাদিক তথা সমাজকৰ্মীগৰাকীয়ে। বিগত কিছুদিন ধৰি সাংবাদিকগৰাকী হৃদৰোগত আক্ৰান্ত হৈ আছিল (journalistPushp Paul Singh passes away)।
সাংবাদিকতাৰ ক্ষেত্ৰখনত ৩০ বছৰতকৈও অধিক সময় ধৰি কাম কৰিছিল পি পি সিঙে। ত্ৰিপুৰাত ‘দ্য টাইমছ অৱ ইণ্ডিয়া’ৰ জৰিয়তে তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইকো টাইমছ আৰু বিবিচিতো কাম কৰি জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে উত্তৰ-পূবৰ পৰা প্ৰথমটো নিউজ পৰ্টেল আৰম্ভ কৰিছিল।
বৰ্তমান খালচা চেন্টাৰ নৰ্থ-ইষ্টৰ মুৰব্বী হিচাপে বিভিন্ন সামাজিক কামত জড়িত হৈ আছিল। বিশেষকৈ বিনামূলীয়াকৈ বিভিন্ন স্থানত বিভিন্ন লোকক খাদ্যসামগ্ৰী বিতৰণ কৰি সামাজিক কাম-কাজৰ সৈতে জড়িত হৈ আছিল তেওঁ। তেওঁৰ পত্নী আৰু জীয়ৰী ইতিমধ্যে পুৱা উপস্থিত হৈছেহি ডিমাপুৰৰ পৰা। পুত্ৰ আৰু আন এগৰাকী জীয়ৰী আহি আছে দিল্লীৰ পৰা।
কাইলৈ নৱগ্ৰহ শ্মশান অথবা ভূতনাথত শেষকৃত্য সম্পন্ন হোৱাৰ সম্ভাৱনা আছে। কিন্তু তেওঁৰ শেষ ইচ্ছা আছিল দেহদান কৰা। এইক্ষেত্ৰত তেওঁৰ পৰিয়ালে কি সিদ্ধান্ত লয় তাৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। ইতিমধ্যে তেওঁৰ শেষ ইচ্ছা অনুসৰি শংকৰদেৱৰ নেত্ৰালয়ক দান দিয়া হৈছে তেওঁৰ নেত্ৰ। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পিছতে বেলতলা গুৰুদুৱাৰৰ শীতলীকৰণ কফিনত ৰখা হৈছে নশ্বৰ দেহ।
সাংবাদিক মহল আৰু তেওঁৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ বাবে ই এক বৃহৎ ক্ষতি আৰু এই ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে প্ৰবীণ সাংবাদিকগৰাকীক স্মৰণ কৰা হ’ব। তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে শিখ সমাজে।
সাংবাদিক মহল আৰু তেওঁৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ বাবে ই এক বৃহৎ ক্ষতি আৰু এই ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে প্ৰবীণ সাংবাদিকগৰাকীক স্মৰণ কৰা হ’ব। তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে শিখ সমাজে।