আজিৰে পৰা কলকাতা-শিলচৰ পথত এলায়েঞ্চ এয়াৰৰ নতুন বিমান সেৱা আৰম্ভ


 

আজিৰে পৰা কলকাতা-শিলচৰৰ মাজত নতুন বিমান সেৱা আৰম্ভ কৰিছে এলায়েঞ্চ এয়াৰে। ৯১৭৪১/৭৪২ নম্বৰৰ বিমানখন সপ্তাহত তিনিদিন চলাচল কৰিব। কলকাতা-শিলচৰৰ মাজত আন বিমান সেৱা থাকিলেও এলায়েঞ্চৰ সুবিধা এয়াই যে এই বিমানখন ইম্ফল হৈ ডিমাপুৰ আৰু আইজললৈও উৰা মাৰিব।


ফলত বৰাক উপত্যকা, জিৰিবাম বা ধৰ্মনগৰ-কৈলাশহৰৰ পৰা অহা যাত্ৰীসকলে ডিমাপুৰ-আইজললৈ যোৱাৰ সুবিধা লাভ কৰিব। আনহাতে এলায়েঞ্চ এয়াৰে নতুন বিমান সেৱা আৰম্ভ কৰাৰ লগে লগে ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই শিলচৰ বিমানবন্দৰৰ বাবে নতুন গ্ৰীষ্মকালীন সূচী প্ৰস্তুত কৰিছে।

এয়াৰ ইণ্ডিয়াৰ এ আই ৭৫৩/৭৫৪ বিমানে চলিত বৰ্ষৰ ১৭ এপ্ৰিল অৰ্থাৎ আজিৰে পৰা ২৮ অক্টোবৰলৈ এই সময়সূচী অনুসৰি দৈনিক কলকাতা-শিলচৰ-কলকাতাৰ মাজত চলাচল কৰিব। ইয়াৰ উপৰিও ইণ্ডিগ'ৰ কলকাতা-শিলচৰ, ইম্ফল-শিলচৰ, শিলং-শিলচৰ পথত কেইবাখনো বিমানৰ সেৱা আছে।

অৱশ্যে বৰাক উপত্যকাৰ বিমান যাত্ৰীসকলৰ বাবে অপৰিহাৰ্য গুৱাহাটী-শিলচৰ পথৰ পৰা ইণ্ডিগ’ই দৈনিক বিমান সেৱা প্ৰত্যাহাৰ কৰাৰ পিছত এতিয়া এই ৰুটত সপ্তাহত তিনিদিন বিমান চলাচল কৰি আছে। প্ৰতি শনিবাৰে সেই ৰুটত এখন ইণ্ডিগ’ৰ এ টি আৰ বিমান উৰা মাৰে । ফলত শিলচৰ-গুৱাহাটী ৰুটত এতিয়াও দৈনিক বিমান সেৱা নাই।

ৰাজ্যৰ কেবিনেটে গুৱাহাটী-শিলচৰ আৰু গুৱাহাটী-ডিব্ৰুগড়ৰ মাজত ফ্লাইবিগৰ বিমান উৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই সন্দৰ্ভত অসম পৰ্যটন উন্নয়ন নিগম আৰু ফ্লাইবিগৰ মাজত এক চুক্তিও স্বাক্ষৰিত হৈছিল। কিন্তু কুম্ভীৰগ্ৰামৰ আকাশত এতিয়াও দেখা পোৱা নাই ফ্লাইবিগ।

ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষৰ মাৰ্চ মাহৰ তথ্য অনুসৰি এমাহত শিলচৰ বিমানবন্দৰত ২৭৬খন বিমানেৰে ৩১,৪৩৩জন যাত্ৰীয়ে উঠা-নমা কৰিছে।

Post a Comment

Previous Post Next Post