৩৭০ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি পহিলা ব’হাগত ঐতিহ্যপূৰ্ণ মাজুলীৰ আউনীআটি সত্ৰত ভকত-বৈষ্ণৱৰ মাজত সম্প্ৰীতিৰ বোকা খেল। আজি হেপাঁহৰ ৰঙালী বিহু। পহিলা ব’হাগৰ পুৱাই সত্ৰৰ পৰম্পৰা ৰক্ষা কৰি আউনীআটি সত্ৰৰ ভকত বৈষ্ণৱসকলে বোকা খেলে।
প্ৰতিষ্ঠা কালৰ পৰাই সত্ৰখনৰ ভকত-বৈষ্ণৱে একতাৰ বান্ধোন সম্প্ৰীতিৰ আকৰ এই বোকা খেলৰ পৰম্পৰা ধৰি ৰাখিছে। এই খেলৰ আৰম্ভণিতে সত্ৰৰ সত্ৰাধিকাৰগৰাকীয়ে তিলক লৈ সুন্দৰ অনুষ্ঠানটিৰ শুভাৰম্ভ কৰাৰ পাছতে সত্ৰখনৰ শিষ্যসকলে বোকাখেল খেলা দেখা যায়।