পহিলা ব’হাগৰ দিনাখনেই ৰাইজৰ ৰোষত চোৰ৷ এইবাৰৰ বিহু মুঠেই সুখৰ নহ’ল এটা চোৰৰ। ঘৰত গৃহস্থ ঘৰত নথকাৰ লগতে বিহুৰ সুযোগ গ্ৰহণ কৰিয়ে দিনৰ পোহৰতে দুধনৈৰ এটা বাসগৃহত হাত চাফাই অভিযানত নামিছিল এটা চোৰে৷
চোৰে দুৱাৰৰ তলা ভাঙি আলমিৰাৰ তলা ভাঙিছিলহে মাথোঁ, তেনেতে ঘৰত গৃহস্থৰ এন্ট্রী৷ গৃহস্থ অহাৰ উমান পাই চোৰে পিছ দুৱাৰেৰে দৌৰি পলায়নৰ চেষ্টা চলাইছিল যদিও ৰাইজে খেদি খেদি কৰায়ত্ত কৰিলে চোৰটোক। চোৰটোক কৰায়ত্ত কৰি গছত বান্ধি উত্তম-মাধ্যম শোধালে ৰাইজে।
আৰক্ষীয়ে খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈ চোৰটোক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে, দুধনৈ অঞ্চলত এনেধৰণৰ চুৰিকাণ্ডৰ ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে৷ নিশাৰ পৰিৱৰ্তে দিনৰ পোহৰতে গৃহস্থ নথকা ঘৰ চোৰে টাৰ্গেট কৰে আৰু হাত চাফাই অভিযান চলায়।
কেইবাটাও চুৰিযকাণ্ড সংঘটিত হোৱাৰ পিছতো আৰক্ষীও বিশেষ ক্লু লাভ কৰাত ব্যৰ্থ হৈছিল৷ আজিৰ এই চোৰটোক ৰাইজে কৰায়ত্ত কৰাত কিছু পৰিমাণে হ’লেও ৰাইজে সকাহ অনুভৱ কৰিছে৷
কেইবাটাও চুৰিযকাণ্ড সংঘটিত হোৱাৰ পিছতো আৰক্ষীও বিশেষ ক্লু লাভ কৰাত ব্যৰ্থ হৈছিল৷ আজিৰ এই চোৰটোক ৰাইজে কৰায়ত্ত কৰাত কিছু পৰিমাণে হ’লেও ৰাইজে সকাহ অনুভৱ কৰিছে৷