অসমীয়াৰ প্ৰাণৰ বিহু প্ৰতিষ্ঠিত হ'ল বিশ্বৰ বুকুত ৷ ১৩ এপ্ৰিলত এঘাৰ হাজাৰ ঢুলীয়া-নাচনীয়ে সৰুসজাই ষ্টেডিয়ামত বিহুনাচ প্ৰদৰ্শন কৰি গিনিজ বুক অব্ ৰেকৰ্ডত স্থান লাভ কৰিলে ৷ ১৪ এপ্ৰিলত উক্ত অভূতপূৰ্ব অনুষ্ঠান প্ৰদৰ্শন কৰা হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত ৷
অসমীয়াৰ স্বাভিমানক মান্যতা প্ৰদান কৰা এই খবৰ বিয়পি পৰিছে এতিয়া সমগ্ৰ বিশ্বজুৰি ৷ কেৱল গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ পৃষ্ঠাতে সৰ্বাধিক লোকশিল্পীৰ এই বিহু প্ৰদৰ্শন আৱদ্ধ হৈ নাথাকিল ৷ বিশ্বৰ বহুকেইটা আগশাৰীৰ সংবাদ মাধ্যমত প্ৰকাশিত হ'ল এই খবৰ ৷ ইয়াৰ ভিতৰত ডুবাইৰ সৰ্বাধিক প্ৰচলিত বাতৰি কাকত খালীজ টাইমচ্, আমেৰিকাৰ বিশ্ববিখ্যাত সংবাদ মাধ্যম ভয়জ্ অব্ আমেৰিকা, বিবিচি আদি উল্লেখযোগ্য ৷
ডুবাইৰ ৪৪ বছৰীয়া ইংৰাজী বাতৰি কাকত খালীজ টাইমচত সৰ্বাধিক বিহুৱা-বিহুৱতীয়ে একেলগে বিহুনাচ প্ৰদৰ্শন কৰা দৃশ্যৰ চাৰিখনকৈ মনোমোহা ফটোৰে বাতৰি প্ৰচাৰ কৰা হ'ল । কাকতখনৰ ১১ নম্বৰ পৃষ্ঠা তথা আন্তঃৰাষ্ট্ৰীয় খবৰৰ পৃষ্ঠাত প্ৰকাশিত ফটোকেইখনৰ কেপশ্যন লিখা হ'ল এনেদৰে- "১১,৩০৪ গৰাকী নৃত্যশিল্পী আৰু ঢুলীয়াই বিহু প্ৰদৰ্শন কৰি গঢ়িলে বিশ্ব ৰেকৰ্ড ৷"
আনহাতে বিশ্ববিখ্যাত ভয়জ অব্ আমেৰিকাতো সবিস্তাৰে প্ৰকাশ কৰা হ'ল বিহুৱে বিশ্ব ৰেকৰ্ড গঢ়াৰ বাতৰি ৷ ভয়জ অব্ আমেৰিকাৰ কেউটা ডিজিটেল প্লেটফৰ্মতে প্ৰকাশ কৰা হ'ল বিহুৰ বাতৰি । বিশ্ব অভিলেখ গঢ়া বিহু প্ৰদৰ্শনৰ ভিডিঅ'সহ প্ৰকাশিত বাতৰিটো প্ৰকাশ কৰা হ'ল এনেদৰে- "বৃহস্পতিবাৰে উত্তৰ-পূব ভাৰতৰ অসমে গঢ়িলে বিশ্ব অভিলেখ ৷ ৰঙালী বিহুৰ সৰ্ববৃহৎ দলীয় প্ৰদৰ্শনীৰ বাবে গঢ়ে এই অভিলেখ ৷
য'ত ১১ হাজাৰৰো অধিক লোকশিল্পী আৰু দুহেজাৰ বাদ্যযন্ত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ ইয়াৰোপৰি বিশ্ববিখ্যাত সংবাদগোষ্ঠী ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পৰেশ্যনেও (বি বি চি) বিহুৰ বিশ্বাভিলেখৰ বাতৰি প্ৰচাৰ কৰিলে সবিস্তাৰে ৷
বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ বাবে অহৰ্নিশে চেষ্টা কৰি অহা অসমীয়াৰ বাবে ই অতিকে ভাললগা খবৰ ৷ বিশ্বৰ বৃহৎ সংবাদ গোষ্ঠীয়েও গুৰুত্ব প্ৰদান কৰিলে অসমীয়াৰ প্ৰাণৰ বিহুক ৷