দক্ষিণ কামৰূপৰ বিজয়নগৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এটা নলাত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অভিযোগ মতে, বিজয়নগৰৰ উপৰহালীস্থিত Indian OILৰ গাফিলতিৰ ফলত এই অগ্নিকাণ্ড হয়।
ইণ্ডিয়ান অইলৰ টেংকিৰ তেলসহ আৱৰ্জনা পেলাই দিয়া হয় নলাত। ফলত হঠাতে নলাৰ পৰা সূত্ৰপাত হয় এই অগ্নিকাণ্ড। প্ৰায় এঘন্টা ধৰি জ্বলি থাকে এই জুই। গুৰুত্বপূৰ্ণ যে জুই নিৰ্বাপণ কৰাৰ কোনো সঁজুলি নাছিল ডিপো কৰ্তৃপক্ষৰ। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপণ কৰে জুই। এই ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰাত স্বস্তিৰ নিশ্বাস পেলাই বিজয়নগৰৰ স্থানীয় বাসিন্দাই।