আল্লু অৰ্জুনৰ ছুপাৰহিট ছবি পুষ্পা-২ৰ অধীৰ অপেক্ষাত থকা দৰ্শকৰ বাবে সুখবৰ। ‘পুষ্পা দ্য ৰাইজ’ৰ মুক্তিৰ ডেৰ বছৰতকৈও অধিক সময়ৰ পিছত আল্লু অৰ্জুনৰ জন্মদিনৰ পূৰ্বে ছবিখনৰ টিজাৰ মুকলি কৰি নিৰ্মাতাই অনুৰাগীক দিলে আন এক ডাঙৰ চমক দিছে।
দীৰ্ঘদিন ধৰি পুষ্পাৰ বাবে অপেক্ষাত থকা এই টিজাৰটো মুকলি কৰি ছবিখনৰ পৰৱৰ্তী খণ্ডৰ বাবে অপেক্ষা কৰি থকা অনুৰাগীসকলে পালে এক বৃহৎ সকাহ। শেহতীয়াকৈ মুক্তি দিয়া "পুষ্পা ক'ত?" শীৰ্ষক এটা টাইটেল ভিডিঅ’ত ‘পুষ্পা দ্য ৰুল’ৰ আভাস দিয়া হৈছে।
এই টিজাৰত দেখা গ’ল যে গুলীত আঘাতপ্ৰাপ্ত পুষ্পাই জে'লৰ পৰা পলায়ন কৰিছে। পুষ্পাক বিচাৰি আৰক্ষী চলাথ কৰিছে ইখনৰ পিছত সিখন ঠাই। এনে পৰিস্থিতিত প্ৰশ্ন হৈছিল যে পুষ্পা ক'ত? এই প্ৰশ্নৰ উত্তৰ দিয়া হৈছে দ্বিতীয়টো টিজাৰত। ছ'চিয়েল মিডিয়াত এই ছবিখনৰ টিজাৰ সন্দৰ্ভত ৰাইজে যথেষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।‘পুষ্পা ২’ৰ দ্বিতীয়টো টিজাৰ ৩ মিনিট ১৪ ছেকেণ্ডৰ। এই ভিডিঅ’টোত অনুৰাগীসকলে তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ পাইছে যিটোৰ বাবে তেওঁলোকে আগ্ৰহেৰে অপেক্ষা কৰি আছিল। প্ৰশ্ন হয় পুষ্পা ক'ত? এই প্ৰশ্নৰ উত্তৰ ‘পুষ্পা ২’ৰ টিজাৰত নিৰ্মাতাসকলে ইমানেই জোৰদাৰভাৱে দিছে যে ট্ৰেইলাৰ মুক্তিৰ সময়ত ইউটিউবত হুলস্থুলৰ সৃষ্টি কৰিছে। এই টিজাৰটোত পুষ্পাক জংঘলৰ মাজত দেখা পোৱাৰ লগে লগে বাঘটোৱেও চিঞৰ মাৰি দুখোজ পিছুৱাই যায়।
উল্লেখ্য, ২০২১ চনৰ ডিচেম্বৰ মাহত মুক্তি পোৱা ‘পুষ্পা’ ছবিখনে দক্ষিণ ভাৰতীয় দৰ্শকৰ লগতে সমগ্ৰ ভাৰতকে জোকাৰি গৈছিল। বলীউডৰ দৰ্শকেও এই ছবিখনক সমাদৰ দিছিল। এতিয়া আল্লু অৰ্জুনৰ জন্মদিনৰ আগদিনা অনুৰাগীলৈ দিয়া এই উপহাৰে ৰাইজৰ উত্তেজনা আৰু অধিক বৃদ্ধি কৰিছে। এতিয়া মানুহৰ চকু এই ছবিখনৰ মুক্তিৰ তাৰিখত নিবদ্ধ হৈ আছে।
Tags:
Entertainment