তাজমহল, কুটুবমিনাৰ ভাঙিবলৈ কৈ বিতৰ্কৰ মাজত সোমাই পৰা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে তেওঁৰ ওপৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তত গোচৰ ৰুজু হোৱা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৰূপজ্যোতি কুৰ্মীৰ মতে, হাতী গৈ থাকিলে কুকুৰে ভুকাটো সাধাৰণ কথা। তেওঁ কয়, ‘‘শুদ্ধ মনেৰে যিটো মই ভাবো, সেয়া মই কওঁ আৰু কৈ যাম।’’
তেওঁৰ ওপৰত দিয়া এজাহাৰ সন্দৰ্ভত আইনে নিজৰ পথ ল’ব বুলি কয় ৰূপজ্যোতি কুৰ্মীয়ে। আনহাতে ৰূপজ্যোতি কুৰ্মীৰ ধনৰ অভাৱ নাই আৰু সেয়েহে তেওঁ বিধায়কৰ দৰমহাৰ টকাৰে ৰাইজৰ সেৱা কৰে বুলিও কয় বিধায়কগৰাকীয়ে।
অতি কষ্টৰে ব্যৱসায়ৰ জৰিয়তে উপাৰ্জন কৰাৰ লগতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বহু টকাৰ বীমা কৰি থোৱা আছে বাবে তেওঁৰ পৰিয়াল আৰ্থিকভাৱে সুৰক্ষিত বুলি জানিবলৈ দিয়ে। লগতে বাকীসকলকো স্বাস্থ্য বীমা কৰোৱাই সুৰক্ষিত হৈ থাকিবলৈ পৰামৰ্শ দিয়ে বিধায়কগৰাকীয়ে।
আনহাতে তাজমহল, কুটুবমিনাৰ প্ৰসংগৰ ওপৰত কোনো মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত থাকে বিধায়কগৰাকী।