এখন যাত্ৰীবাহী বাছ, এজাক পাৰ চৰাই৷ সম্প্ৰতি এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ কাৰণ যাত্ৰীবাহী বাছখনৰ লগত এক আত্মিক সম্পৰ্ক গঢ়ি উঠিছে এজাক পাৰ চৰাইৰ৷
বাক্সাৰ ভাৰত- ভূটান সীমান্তৰ সূৱণখাটাৰ পৰা গুৱাহাটীলৈ দৈনিক যাতায়াত কৰে এখন যাত্ৰীবাহী বাছে৷ বিগত সাত বছৰে ‘ধনীৰাম’ নামৰ যাত্ৰীবাহী বাছখনৰ কৰ্মচাৰীসকলৰ সূৱণখাটাৰ চ’ক বজাৰত থকা এজাক পাৰ চৰাইৰ সৈতে গঢ়ি উঠিছে এক আত্মিক সম্পৰ্ক৷
প্ৰতিদিনে পাৰ চৰাই জাকক বাছখনৰ কৰ্মচাৰীসকলে খাদ্যৰ যোগান ধৰি আহিছে৷ যাৰ বাবে যাত্ৰীবাহী বাছখন গুৱাহাটীৰ পৰা আহি সূৱণখাটাত উপস্থিত হোৱাৰ লগে লগে পাৰজাকে আগুৰি ধৰে বাছখনক৷
সেই সময়ত অন্য ব্যক্তিয়ে খাদ্য দিলে নাখায় পাৰজাকে৷ যাত্ৰীবাহী বাছখনৰ কৰ্মচাৰীয়ে দিলেহে খাদ্য গ্ৰহণ কৰে পাৰজাকে৷ বাক্সাৰ সূৱণখাটা বজাৰৰ এতিয়া এয়া হৈ পৰিছে সুলভ দৃশ্য৷
সেই সময়ত অন্য ব্যক্তিয়ে খাদ্য দিলে নাখায় পাৰজাকে৷ যাত্ৰীবাহী বাছখনৰ কৰ্মচাৰীয়ে দিলেহে খাদ্য গ্ৰহণ কৰে পাৰজাকে৷ বাক্সাৰ সূৱণখাটা বজাৰৰ এতিয়া এয়া হৈ পৰিছে সুলভ দৃশ্য৷