১০০টকা বিদ্যুৎ বিল পৰিশোধ কৰিবলৈ গৈ লাখ লাখ টকা ভৰিব লগা হ'ল এহাল দম্পতীয়ে


 

ৰাজ্যত শেহতীয়াকৈ ভয়ানক ৰুপত সক্ৰিয় হৈ উঠিছে চাইবাৰ অপৰাধী চক্ৰ। এজনৰ পাছত আন এজন লোকে এনে চাইবাৰ অপৰাধীৰ পাকচক্ৰত পৰি হেৰুৱাবলগীয়া হৈছে নিজৰ সাচতীয়া ধন। এইবাৰ গুৱাহাটীৰ গীতানগৰৰ এহাল দম্পতীয়ে এনে চাইবাৰ অপৰাধীৰ কৱলত পৰি হেৰুৱাবলগীয়া হ'ল  সাচতীয়া ধন ৷


গীতানগৰৰ দীনেশ চন্দ্ৰ দত্ত আৰু তেওঁৰ পত্নীৰ পৰা চাইবাৰ অপৰাধীয়ে সৰকাই নিলে ৭ লাখ ৬১ হাজাৰ টকা। জানিব পৰা মতে দীনেশ চন্দ্ৰ দত্তৰ একাউণ্টৰ পৰা ৪ লাখ ৩ হাজাৰ ৯০০ টকা সৰকাই নিয়াৰ বিপৰীতে তেওঁৰ পত্নীৰ একাউণ্টৰ পৰাও চাইবাৰ অপৰাধী চক্ৰটোৱে সৰকাই নিলে ৩ লাখ ৪৭ হাজাৰ ১০০ টকা। এটা অচিনাকী নম্বৰৰ পৰা ফোনত বিদ্যুতৰ বিল বিচাৰি ভাবুকি প্ৰদান কৰে দম্পতীক৷ জানিব পৰা মতে বিদ্যুতৰ বিল নিদিলে বিদ্যুৎ সংযোগ কৰ্তন কৰাৰ ভাবুকি দিছিল এই চাইবাৰ অপৰাধী চক্ৰটোৱে। এই চক্ৰটোৱে এটা নম্বৰত ১০০ টকাৰ ৰিচাৰ্জ কৰিবলৈ কৈছিল দম্পতীহালক। ৰিচাৰ্জ কৰাৰ পাছতেই একাউণ্টৰ পৰা কৌশলেৰে সৰকাই নিলে এই ধনখিনি।সম্প্ৰত্তি দম্পতীহালে আৰক্ষীৰ লগতে বেংক কৰ্তৃপক্ষৰ কাষ চাপিছে যদিও এই পৰ্যন্ত কোনো সমাধান পোৱা নাই ৷


Post a Comment

Previous Post Next Post